চৰকাৰী চাউলৰ পৰা বঞ্চিত হ'ব মৰঙিৰ শ শ হিতাধিকাৰী

চৰকাৰী চাউলৰ পৰা বঞ্চিত হ'ব  মৰঙিৰ শ শ হিতাধিকাৰী

ডিজিটেল সংবাদ, নুমলীগড় : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত দুৰ্নীতিৰ বাবেই নাজল-নাথল অৱস্থা মৰঙিৰ ৬৩ খনকৈ দোকানৰ সমবায় সমিতিৰ এজেন্ট । চৰকাৰী চাউলৰ পৰা বঞ্চিত হব শ শ হিতাধিকাৰী। অনিৰ্দিষ্ট কালৰ বাবে যোগান নধৰে চাউল সমবায় এজেন্টে।

গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙিৰ মৰঙি চাহ মজদুৰ সমবায় সমিতি লিমিটেডৰ অধীনৰ ৬৩ জনকৈ এজেন্টে আজি মুক্তভাৱে অভিযোগ কৰিছে ভোগী থকা ভয়াৱহ সমস্যাৰ কথা । তেওঁলোকৰ অভিযোগ তেওঁলোকক সমবায়ৰপৰা এভাৰেজ হিচাপে এটা চাউলৰ বেগত ৫১ কেজিকৈ দিয়ে যদিও প্ৰতিবেগত উক্ত পৰিমাণৰ চাউল নথকাত গ্ৰাহকসকলক সেই হিচাপত দিয়াত সমস্যাৰ সন্মুখীন হয় এজেন্ট ।

ইয়াৰোপৰি ২০১৬ চনৰ পৰা এজেন্টসকলে পাব লগীয়া কমিচনো আজি পৰ্যন্ত নোপোৱাৰ অভিযোগ কৰিছে । যাৰফলত ক্ষোভিত হৈ পৰিছে সমবায়ৰ এজেন্টসকল । ইফালে এজেণ্টসকলৰ পাৰিশ্ৰমিক ৩০১৬ চনৰ পৰা ২০২৩ চনৰ জুলাই মাহ পৰ্যন্ত এজেন্ট সকলেৰ পাৰিশ্ৰমিক তথা পৰিবহণ ব্যয় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে এজেণ্টসকলে। এই সমগ্ৰ বিষয় সন্দৰ্ভত গোলাঘাট জিলা আয়ুক্ত, বিধায়ক, বিভাগীয় কতৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় দাবী পত্ৰ প্ৰদান কৰাৰ সন্দৰ্ভত জানিব পৰা গৈছে।

চৰকাৰী চাউলৰ পৰা বঞ্চিত হ'ব  মৰঙিৰ শ শ হিতাধিকাৰী
চৰকাৰী আঁচনি বিচাৰি ঢকুৱাখনাত একাংশৰ প্ৰতিবাদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in