হেলিকপ্টাৰৰ জৰুৰী অৱতৰণৰ সময়তে আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জী

হেলিকপ্টাৰৰ জৰুৰী অৱতৰণৰ সময়তে আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জী

ডিজিটেল ডেস্কঃ আঘাতপ্ৰাপ্ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মঙলবাৰে প্ৰতিকূল বতৰৰ বাবে মমতা বেনাৰ্জীয়ে ভ্ৰমণ কৰি থকা হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। শিলিগুৰিৰ ওচৰৰ চিভক এয়াৰবেচত জৰুৰী অৱতৰণ কৰাৰ সময়তে তেওঁ ভৰি আৰু কঁকালত সামান্য পৰিমাণে আঘাত পায়।

তাৰপাছতে মুখ্যমন্ত্ৰী বেনাৰ্জীক এছ.এছ.কে.এম. চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱা এটা ভিডিঅ'ত দেখিবলৈ পোৱা অনুসৰি মমতা বেনাৰ্জীৰ খোজ কঢ়াত কিছু অসুবিধা হৈছে। কিন্তু তেওঁ হুইল চেয়াৰ এখন ল'বলৈও অস্বীকাৰ কৰা দেখা যায়।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জলপাইগুৰিত এখন নিৰ্বাচনী জনসভাস সম্বোধন কৰি বেনাৰ্জী বাগডোগ্ৰা বিমানবন্দৰলৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

চিকিৎসকে জনোৱা অনুসৰি গুৰুতৰ নহয় মুখ্যমন্ত্ৰী গৰাকীৰ আঘাত। বৰ্তমান সুস্থ আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকী। চিকিৎসকে তেওঁক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰামৰ্শ দিছিল যদিও তেওঁ ঘৰত থাকি চিকিৎসা কৰাৰ কথা অৱগত কৰে।

হেলিকপ্টাৰৰ জৰুৰী অৱতৰণৰ সময়তে আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জী
'সাগৰ সামাজিক সহযোগ'ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in