'সাগৰ সামাজিক সহযোগ'ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

 'সাগৰ সামাজিক সহযোগ'ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Published on
Updated on

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ 'সাগৰ সমাজিক সহযোগ' - কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ)ৰ নতুন নিৰ্দেশাৱলী মঙলবাৰে নতুন দিল্লীত মুকলি কৰে। এই নতুন নিৰ্দেশনাসমূহে বন্দৰসমূহক চিএছআৰ কাৰ্যকলাপ পোনপটীয়াকৈ সমাপন কৰিবলৈ সবল ৰূপ প্ৰদান কৰিব। অনুষ্ঠানটোত লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় শান্তনু ঠাকুৰ আৰু শ্ৰীপদ য়েছ' নায়েক উপস্থিত থাকে।

 অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আমাৰ চৰকাৰে বন্দৰসমূহৰ সৰ্বাংগীণ উন্নয়নত যথেষ্ট গুৰুত্ব দিছে। সমান্তৰালভাৱে বন্দৰসমূহে যাতে কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR)ৰ কাৰ্যকলাপ পোনপটীয়াকৈ হাতত ল'ব পাৰে, তাৰ বাবে নিৰ্দেশনাৱলীৰ নৱীকৰণত আমি অগ্ৰাধিকাৰ দিছোঁ।

এই নতুন নিৰ্দেশনাৱলীয়ে আমাৰ বন্দৰসমূহক এক সুশৃংখলিত পৰিকাঠামোৰ জৰিয়তে সমাজৰ কল্যাণ সাধনৰ বাবে যাৱতীয় প্ৰকল্প আৰম্ভ কৰা আৰু ত্বৰান্বিত কৰাত সাৰ-পানী যোগাব। ইয়াৰ জৰিয়তে স্থানীয় সম্প্ৰদায়বোৰো অভূতপূৰ্ব উন্নয়ন আৰু পৰিৱৰ্তনৰ অংশীদাৰ হ'ব পাৰিব। চিএছআৰ-ৰ জৰিয়তে বন্দৰৰ সমীপৱৰ্তী আৰু অন্যান্য সংশ্লিষ্ট অঞ্চলৰ সৰ্বসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন সাধন হ'ব বুলি আমি দৃঢ় বিশ্বাসী।

নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমি আমাৰ জনসাধাৰণ, আমাৰ প্ৰতিষ্ঠানসমূহক এনেদৰে শক্তিশালী কৰাৰ দিশত নিৰলস চেষ্টা কৰি আছোঁ যাতে ই স্থানীয় সম্প্ৰদায়ৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে একোটা অঞ্চলৰ ৰূপান্তৰৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰি তুলিব পাৰে।"

আজি উন্মোচন কৰা নতুন চিএছআৰ নিৰ্দেশনাসমূহে মুখ্য বন্দৰ প্ৰাধিকৰণ আইন, ২০২১-ৰ ধাৰা ৭০-ত নিৰ্ধাৰিত থকা কাৰ্যকলাপ সম্পৰ্কীয় প্ৰকল্প আৰু কাৰ্যসূচীসমূহক প্ৰভাৱিত কৰিব। চিএছআৰ প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ উদ্দেশ্যে প্ৰতিটো মুখ্য বন্দৰত কৰ্পোৰেট সামাজিক দায়বদ্ধতা সমিতি গঠন কৰা হ'ব।

এই সমিতি মুখ্য বন্দৰৰ উপাধ্যক্ষৰদ্বাৰা পৰিচালিত হ'ব আৰু ইয়াত আন ২ গৰাকী সদস্য থাকিব। প্ৰতিটো মুখ্য বন্দৰে প্ৰতিটো বিত্তীয় বৰ্ষৰ বাবে এক কৰ্পোৰেট সামাজিক দায়বদ্ধতা আঁচনি প্ৰস্তুত কৰিব লাগিব আৰু ব্যৱসায়িক পৰিকল্পনাত ইয়াৰ চিএছআৰ-ক সম্পৰ্কিত কৰাৰ লগতে সামাজিক আৰু পাৰিপাৰ্শ্বিকভাৱে সংবেদনশীল বিষয়বোৰৰ প্ৰতি গুৰুত্ব দিব লাগিব।

 বন্দৰসমূহৰ মুঠ লাভৰ অংশৰপৰা ব'ৰ্ড ৰিজ'লিউশ্বনৰ জৰিয়তে চিএছআৰ বাজেট বাধ্যতামূলকভাৱে সৃষ্টি কৰা হ'ব। বাৰ্ষিক ১০০ কোটি টকা বা তাতকৈ কম মুঠ লাভ থকা বন্দৰ এটাই চিএছআৰ ব্যয়ৰ বাবে ৩% - ৫%ৰ ভিতৰত ঠিক কৰিব পাৰে।

একেদৰে, বছৰি ১০০ কোটি টকাৰ পৰা ৫০০ কোটিৰ ভিতৰত মুঠ লাভ কৰা বন্দৰবোৰে ইয়াৰ মুঠ লাভৰ ২%ৰ পৰা ৩%ৰ ভিতৰত চিএছআৰ ব্যয় নিৰ্ধাৰণ কৰিব পাৰে, যি নিম্নতম ৩ কোটি টকা হ'ব লাগিব। যিবোৰ বন্দৰৰ বাৰ্ষিক মুঠ লাভ ৫০০ কোটি টকাৰ ওপৰত, তেনে বন্দৰৰ ক্ষেত্ৰত চিএছআৰ ব্যয় ইয়াৰ মুঠ লাভৰ ০.৫%ৰ পৰা ২%ৰ ভিতৰত হ'ব পাৰে।

চিএছআৰ ব্যয়ৰ ২০% জিলা পৰ্যায়ত সৈনিক কল্যাণ ব'ৰ্ড, ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স আৰু ৰাষ্ট্ৰীয় যুৱ উন্নয়ন পুঁজিৰ বাবে নিৰ্ধাৰণ কৰিব লাগিব। খোৱা পানী, শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, দক্ষতা বিকাশ, অপৰম্পৰাগত আৰু নৱীকৰণযোগ্য উৎসৰ জৰিয়তে বিদ্যুৎ যোগান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে জীৱিকাৰ সৃষ্টি, সমূহীয়া কেন্দ্ৰ, হোষ্টেল আদি বিভিন্ন ক্ষেত্ৰকে ধৰি সামাজিক আৰু পাৰিপাৰ্শ্বিক কল্যাণৰ বাবে বন্দৰসমূহে ৭৮% পুঁজি মুকলি কৰিব লাগিব। বন্দৰৰদ্বাৰা চিএছআৰ কাৰ্যসূচীৰ অধীনত প্ৰকল্পবোৰ নিৰীক্ষণ কৰাৰ বাবে মুঠ চিএছআৰ ব্যয়ৰ ২% পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে।

 'সাগৰ সামাজিক সহযোগ'ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
''বিজেপিৰ হাতত আছে মাত্ৰ ৬ মাহ, ইতিমধ্যে স্বীকাৰ কৰিছে পৰাজয়''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in