কংগ্ৰেছ আৰু আপৰ পিছত এইবাৰ অভিযান তৃণমূল কংগ্ৰেছ, মমতাৰ আত্মীয়ক চিবিআইৰ জেৰা

কংগ্ৰেছ আৰু আপৰ পিছত এইবাৰ অভিযান তৃণমূল কংগ্ৰেছ, মমতাৰ আত্মীয়ক চিবিআইৰ জেৰা

ডিজিটেল ডেস্ক : সমগ্ৰ দেশত চলিছে এক অভিযান । বিৰোধীবিহীন দেশৰ সপোনত বন্দী শাসনাধিষ্ঠ চৰকাৰ । এফালৰ পৰা মুখ্য বিৰোধী দলসমূহৰ শক্তি হ্ৰাস কৰিবলৈ চলোৱা চেষ্টা‍ৰ পাছত এইবাৰ মমতা বেনাৰ্জীৰ আত্মীয় অভিষেক বেনাৰ্জীক জেৰা চলালে চি বি আইএ ।

পশ্চিম বংগত বিদ্যালয়সমূহত সংস্থাপনৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰীত অভিষেক বেনাৰ্জীৰ নাম সাঙুৰ খোৱাৰ অভিযোগত শনিবাৰে পুৱা চি বি আইৰ কলিকতাস্থিত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছিল অভিষেক বেনাৰ্জীক ।সেই মৰ্মেই পুৱা প্ৰায় ১১ বজাত চি বি আইৰ কাৰ্যালয়ত উপস্থিত হ'ল অভিষেক বেনাৰ্জী ।

উল্লেখ্য যে, আজি পুৱাই পশ্চিম বংগৰ তৃণমূল চৰকাৰৰস ঘনিষ্ঠ সুজয় কৃষ্ণ ভদ্ৰাৰ বাসগৃহতো অভিযান চলাইছিল চি বি আইয়ে । তাৰ পাছতেই আগন্তুক ১৫ মে'ত পশ্চিম বংগৰ বিদ্যালয়সমূহত বেআইনী সংস্থাপন প্ৰকি্ৰয়া চলোৱাৰ অভিযোগত চি বি আইৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব সুজয় কৃষ্ণও । এই সমগ্ৰ ঘটনাটিত চি বি আইএ আইনী দিশেৰে তদন্ত চলোৱাৰ ওপৰিও ইডিয়ে ঘটনা সন্দৰ্ভত বৃহৎ পৰিমাণৰ ক'লা ধনৰ লেনদেনৰ বাবে চলাব অভিযান ।

কংগ্ৰেছ আৰু আপৰ পিছত এইবাৰ অভিযান তৃণমূল কংগ্ৰেছ, মমতাৰ আত্মীয়ক চিবিআইৰ জেৰা
বাৰিষাৰ পৰশত জীপাল কাজিৰঙা: জাকে জাকে হৰিণা, গড়ে আকৰ্ষণ কৰিছে পৰ্যটকক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in