/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/58dfd2d0-4917-4b62-8052-e0ea014da3b9/Kaziranga_new.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : বসন্তত কুঁহি মেলা কোমল ঘাঁহনিত বাৰিষাৰ প্ৰথমজাক বৰষুণৰ পৰশ ৷ বৰষুণে জীপাল কৰা ন-কুঁহি ঘাঁহনিৰে সেউজীয়া হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f677177b-8d94-46ca-92d1-2b08309ea88c/Screenshot__277_.png)
এই ৰূপত ৰহন সানি বিচৰণ কৰিছে গঁড়, ম’হ, হাতী, হৰিণাৰ জাকে। যি দৃশ্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সোণত সুৱগা চৰায় ৷ কাঞ্চনজুৰিৰ বৰ্ষা সিক্ত তৃণভূমিত আপোনপাহৰা হৈ বিচৰণ কৰা বন্যজন্তুৱেও প্ৰতি খোজতে ভৰি জোকাৰি উপভোগ কৰিছে উপচি পৰা পানীৰ মধুৰ স্পৰ্শ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c1ce6ef7-c460-4095-9852-eb89203369be/Screenshot__276_.png)
৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে এনে মনোমোহা দেখি থমকি ৰৈছে কাজিৰঙালৈ অহা পৰ্যটক অথবা পথচাৰী ৷ নয়নভৰি উপভোগ কৰিছে প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্য ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই কাজিৰঙাৰ মনোমোহা ৰূপ দেখি আপ্লুত পৰ্যটকে প্ৰশংসাৰে উপচাই পেলাইছে কাজিৰঙাক ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/70ffe9cb-6533-46b8-a19c-1ba24b9f109c/Screenshot__278_.png)
Also Read: দুৰ্ভগীয়া : ৰুগীয়া মাতৃৰ সৈতে কিদৰে আছে প্ৰাঞ্জল...