নোবেল বিজয়ী অৰ্মত্য সেনৰ ঘৰত চলিব বুলডোজাৰঃ সহ্য নকৰে মমতা বেনাৰ্জীয়ে...

নোবেল বিজয়ী অৰ্মত্য সেনৰ ঘৰত চলিব বুলডোজাৰঃ সহ্য নকৰে মমতা বেনাৰ্জীয়ে...
নোবেল বিজয়ী অৰ্মত্য সেনৰ ঘৰত চলিব বুলডোজাৰঃ সহ্য নকৰে মমতা বেনাৰ্জীয়ে...

ডিজিটেল ডেস্কঃ নোবেল বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেনৰ গৃহত পৰিব বুলডোজাৰৰ কোব ! এই কথা সহ্য কৰিব পৰা নাই বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে অৰ্মত্য সেনৰ ঘৰ ভাঙিবলৈ চেষ্টা কৰিলে বুলডোজাৰৰ সন্মুখত থিয় হ’ব মুখ্যমন্ত্ৰীগৰাকী নিজেই।

ইয়াৰ বিৰুদ্ধে তেওঁ সাব্যস্ত কৰিব প্ৰতিবাদ। বুধবাৰে এক সংবাদমেলত বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অৰ্মত্য সেনৰ দৰে মানুহক তেওঁলোকে আক্ৰমণ কৰিছে। অৰ্মত্য সেনৰ ঘৰ বুলডোজাৰেৰে ভাঙি দিয়াৰ হুমকি দিছে।

তেওঁলোকৰ জাননী দেখি মই অবাক হৈ পৰিছো। যদি বুলডোজাৰ চলা দেখো মই প্ৰথমে তালৈ গৈ তাত বহি থাকিম। ধৰ্ণা দিম। বেংগল শিক্ষা আৰু সংস্কৃতিৰ ৰাজ্য। মই দেখুৱাই দিম মানৱতা ক্ষমতাশালী নে বুলডোজাৰ ক্ষমতাশালী।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বীৰভূমিস্থিত নোবেল বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেনৰ বাসগৃহ 'প্ৰতীচি' পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পৰাই তেওঁ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক দিলে কঠোৰ প্ৰত্যাহ্বান।

অৰ্মত্য সেনৰ 'প্ৰতীচি' উচ্ছেদ কৰাৰ জাননী জাৰি কৰাৰ অমানৱিক আচৰণ আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ৩০ এপ্ৰিলৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে অধ্যাপক, শিক্ষাৰ্থী আৰু ৰাজ্যখনৰ গণ্যমান্য ব্যক্তিসকলে। সমান্তৰাল ভাৱে অৰ্মত্য সেনৰ কাষত থিয় দিছে ৰাজ্যখনৰ অভিনেতা, শিল্পী, লেখক, সাহিত্যিক, কবি আৰু শিক্ষাবিদসকল।

ইয়াৰোপৰি শান্তি নিকেটনত উপাচাৰ্য বিৰোধী কেইবাখনো প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছে। ২৮ এপ্ৰিলত বুদ্ধিজীৱিসকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ কাৰ্যসূচী হাতত লৈছে। তাৰ মাজতে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কৰ্মকৰ্তাসকলৰ অনুমান ২০১৯ চনৰ দৰেই বিতৰ্কিত উপাচাৰ্যগৰাকীয়ে শান্তিনিকেতনৰ পৰম্পৰাগত চাটিমতলাত ২৪ ঘণ্টীয়া অনশনত বহিব।

তেওঁক ২০০ জন সুৰক্ষা বাহিনীয়ে আগুৰি ধৰিব যাতে কোনো উত্তেজনাৰ সৃষ্টি নহয়। উপাচাৰ্যগৰাকীয়ে অনশন কৰি এই প্ৰতিবাদৰ ৰূপ সলনি কৰাৰো চেষ্টা কৰিব।ইয়াৰ বাবে তেওঁ ইতিমধ্যে বিশ্ববিদ্যালয় অনুদান আয়োগ, শিক্ষা মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ পৰা সুৰক্ষা আৰু আইনী সহায় বিচাৰিছে। 

ইফালে, জিলা প্ৰশাসনে অমৰ্ত্য সেনৰ ঘৰৰ কাষত ১৪৫ ধাৰা জাৰি কৰিছে। অমৰ্ত্য সেনৰ ঘৰত আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰিছে।

নোবেল বিজয়ী অৰ্মত্য সেনৰ ঘৰত চলিব বুলডোজাৰঃ সহ্য নকৰে মমতা বেনাৰ্জীয়ে...
বোকাখাতত পাইপ কাটি তেল চুৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in