/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7283c244-0c8b-4ec1-a760-104734bcfa72/AP_FOR_WEB_bokakhat.jpg)
বোকাখাতত পাইপ কাটি তেল চুৰি...
ডিজিটেল সংবাদ বোকাখাতঃ ৰাজ্যত অব্যাহত আছে তেল চোৰৰ দৈৰাত্ম্য। এইবাৰ বোকাখাতত তেল চোৰে সংঘটিত কৰিলে এক বিপদজনক কাণ্ড।
বোকাখাতৰ সাপজুৰিৰ বঙালী গাঁৱত খাৰুৱা তেল চোৰ কৰিবলৈ দুষ্কৃতিকাৰীয়ে কাটিলে তেল পৰিবাহী পাইপ। এই তেল পৰিবাহী পাইপডালেৰে ডিগবৈৰ পৰা বাৰাওনিলৈ খাৰুৱা তেল পৰিবহন কৰা হৈছে।
জানিব পৰা মতে এতিয়াও তেল কাটি থোৱা পাইপ ডালেৰে তেল নিৰ্গত হৈ আছে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে বৰ্তমণলৈকে কোনো দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বোকাখাত আৰক্ষী।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ভালেসংখ্যক চুৰি কাণ্ডত ব্যৱহৃত সামগ্ৰী। নুমলীগড় শোধনাগাড়ৰ আৰু অইল ইণ্ডিয়াৰ বিষয়ববীয়া ঘটনাস্থলীত উপস্থিত হৈ পৰ্যবেক্ষণ অব্যাহত ৰাখিছে।
Also Read: হাতত পিষ্টল লৈ শ্ৰেণী কোঠাত এজন ব্যক্তিঃ পণবন্দী শতাধিক শিক্ষাৰ্থী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us