আঁৰত আছে নেকি ৰহস্য? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে মমতা বেনাৰ্জীৰ বৈঠক...

আঁৰত আছে নেকি ৰহস্য? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে মমতা বেনাৰ্জীৰ বৈঠক...
আঁৰত আছে নেকি ৰহস্য? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে মমতা বেনাৰ্জীৰ বৈঠক...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কঠোৰ সমালোচক তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰধানমন্ত্ৰী মোডীৰে বৈঠকে দেশজুৰি ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। সূত্ৰ অনুসৰি অহা ২০ ডিচেম্বৰত দিল্লীত এই দুই নেতা বৈঠকত মিলিত হ'ব।

উল্লেখ্য যে, এই বৈঠক এনে এক সময়ত অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে যি সময়ত ৫ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ দিশটো স্পষ্ট হৈছে, কাশ্মীৰ প্ৰসংগত বিজেপিয়ে উচ্চতম ন্যায়ালয়ত ৱাক অভাৰ পাইছে।

সৰ্বোপৰি ২০২৪ ৰ মাৰ্চ, এপ্ৰিলৰ মাজত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। এই লোকসভা নিৰ্বাচনত বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিবলৈ গঠন কৰিছে ইণ্ডিয়া গোট। এই ইণ্ডিয়া গোটৰ সদস্যসকলৰ বিশ্বাসযোগ্যতাক লৈও শেহতীয়াকৈ প্ৰশ্ন উত্থাপিত হৈছে। এনে সময়তে এই দুই নেতাৰ এই বৈঠক স্বাভাৱিকতে ৰাজনীতি গৰম কৰিব পৰা এক খবৰ।

অৱশ্যে মমতা বেনাৰ্জী আৰু মোডীৰ এই বৈঠক নিৰ্বাচন কেন্দ্ৰিক নহয়, বংগৰ অনাদায় বকেয়া সন্দৰ্ভত বুলিহে জানিব পৰা গৈছে। উল্লেখ্য যে, বংগৰ কেন্দ্ৰৰ পৰা অনাদায় হৈ থকা বকেয়া আদায়ৰ দাবীৰে মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত কৰিব বিচাৰিছিল।

১০০ দিনৰ কাম আৰু প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ বকেয়া আদায়ৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ চিঠিও লিখিছিল তেওঁ। কিন্তু সেই সকলো প্ৰচেষ্টা অসাৰ হোৱাত এতিয়া প্ৰধানমন্ত্ৰী মোডীৰে মুখামুখী বৈঠকত মিলিত হ'ব মমতা বেনাৰ্জী।

২০ ডিচেম্বৰৰ দিনৰ ১১ বজাত দিল্লীত অনুষ্ঠিত হ'ব এই বৈঠক। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ ইণ্ডিয়া গোটৰ এক বৈঠকতো অংশগ্ৰহণ কৰিব।

আঁৰত আছে নেকি ৰহস্য? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে মমতা বেনাৰ্জীৰ বৈঠক...
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সৈতে কি সম্পৰ্ক নেলছেন মেণ্ডেলাৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in