অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সৈতে কি সম্পৰ্ক নেলছেন মেণ্ডেলাৰ?

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সৈতে কি সম্পৰ্ক নেলছেন মেণ্ডেলাৰ?
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সৈতে কি সম্পৰ্ক নেলছেন মেণ্ডেলাৰ?

ডিজিটেল ডেস্কঃ পুনৰ চৰ্চালৈ আহিছে দক্ষিণ আফ্ৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ প্ৰসংগ। জম্মু কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰি ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ৰায় প্ৰদান কৰাৰ পিছতে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লৈ নেলছন মেণ্ডেলাই গঠন কৰা এক আয়োগৰ বিষয়ে চৰ্চা চলিছে।

সুদীৰ্ঘ সময় জে'লত থকাৰ পাছত মুকলি হৈ আহি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা নেলছন মেণ্ডেলাই ৰাষ্ট্ৰখনত বৰ্ণ বৈষম্য চৰকাৰৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘন আৰু অত্যাচাৰৰ সন্দৰ্ভত উত্থাপিত হোৱা হাজাৰ হাজাৰ অভিযোগৰ তদন্তৰ বাবে ১৯৯৫ চনত এক তথ্য অনুসন্ধান আয়োগ গঠন কৰিছিল। এই আয়োগৰ নেতৃত্ব প্ৰদান কৰিছিল বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ আন এগৰাকী নেতা আৰ্চ বিশ্বপ ডেচমেণ্ড টুটুৱে। ১৯৯৮ চনত এই আয়োগে দাখিল কৰা প্ৰতিবেদন আছিল ঐতিহাসিক।

সেই তথ্য আয়োগৰ দৰেই এতিয়া জম্মু কাশ্মীৰৰ বাবেও এক তথ্য আয়োগ গঠনৰ পোষকতা কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণে কৌলে। জম্মু কাশ্মীৰৰ পৰা অুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ গোচৰৰ শুনানি গ্ৰহণ কৰা পাঁচজনীয়া বিচাৰপীঠৰ অন্যতম সদস্য ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে সোমবাৰে এক পৃথক ৰায়ত ১৯৮০ ৰ দশকৰ পৰা জম্মু কাশ্মীৰত মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ তদন্তৰ বাবে সত্য আৰু মীমাংসা আয়োগ গঠনৰ প্ৰস্তাৱ দিছে।

এই আয়োগে ৰাজ্য আৰু অ-ৰাজ্যিক ক্ষমতা দুয়োটাৰে ওপৰত অত্যাচাৰীসকলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ পৰীক্ষা কৰাৰ উপৰিও নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। তাৰোপৰি এই আয়োগৰ প্ৰতিবেদনত যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকক কি শাস্তি দিব পাৰি তাৰো পৰামৰ্শ প্ৰদান কৰিব।

ন্যায়াধীশ কৌলে প্ৰদান কৰা ৰায়ত কয়, যোৱা কেইবাটাও দশক ধৰি ভূস্বৰ্গৰ লোকসকল বিভিন্ন দলৰ দ্বাৰা সংঘৰ্ষৰ বলি হৈ অহাৰ লগতে ঐতিহাসিক বোজা বহন কৰি আহিছে। ১৯৮০ ৰ দশকৰ পৰা কাশ্মীৰ উপত্যকাত বাস কৰি থকা এটা সম্প্ৰদায়ৰ লোক উগ্ৰবাদৰ সমস্যাত জৰ্জৰিত হৈ স্থানান্তিৰত হ'বলগীয়া হৈছে।

যিসময়ত উগ্ৰপন্থী সমস্যাই দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাইছিল সেই সময়ত সেনা মোতায়েন কৰা হৈছিল। যদিও আইন শৃংখলা বজাই ৰখাটো সেনাৰ কাম নহয়, তেওঁলোক দেশৰ শত্ৰুৰ সৈতে যুঁজ দিয়াতহে অভ্যস্ত, সেই সেনাক কাশ্মীৰত মোতায়েনৰ ফলত কাশ্মীৰত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হ'ল। আজিও তাৰ মূল্য পৰিশোধ কৰি আহিছে তাত বসবাস কৰা পুৰুষ, মহিলা আনকি শিশুসকলেও।

তেওঁ কয়, কাশ্মীৰ ভ্ৰমণৰ সময়ত তেওঁ তাৰ বাসিন্দাসকলৰ কথা আৰু আচৰণত প্ৰজন্মধৰি চলি অহা আতংকৰ প্ৰতিচ্ছবি লক্ষ্য কৰিছিল। যদি আগুৱাই যাব লাগে তেন্তে সেই আঘাত উপশম কৰিব লাগিব। কাশ্মীৰৰ ভাঙি পৰা সামাজিক পৰিৱেশ পুনৰ নিৰ্মাণ কৰিব লাগিব। বিভাজনৰ সময়তো কাশ্মীৰৰ ধৰ্মনিৰপেক্ষ সামাজিক পৰিৱেশ অটুট আছিল। মহাত্মা গান্ধীয়ে 'কাশ্মীৰ মানৱতাৰ বাবে আশাৰ ৰশ্মি' বুলি মন্তব্য কৰিছিল।

ন্যায়াধীশ কৌলে কয়, কাশ্মীৰত মানৱ অধিকাৰ উলংঘনৰ বহু অভিযোগ আছে। প্ৰকৃততে কি ঘটিছে, নে সেই সকলো অভিযোগ সত্য হৈ পৰিছে সেয়া বিচাৰি উলিওটো গুৰুত্বপূৰ্ণ। তথ্য অনুসন্ধান আয়োগে ১৯৮০ চনৰ পৰা ৰাজ্যিক বাহিনী আৰু উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত মানৱ অধিকাৰ উলংঘনৰ তদন্ত কৰাৰ উপৰিও অপৰাধীসকলক চিনাক্ত কৰ শাস্তিৰ দিহা কৰিব।

উল্লেখ্য যে, এই আয়োগ সাধাৰণ তদন্ত আয়োগতকৈ বহু শক্তিশালী হ'ব। উগাণ্ডাত সংঘটিত গণহত্যাৰ সময়ত ১৯৭৪ ত আৰু কেনিয়াত ২০০৯ ত সংঘটিত গণহত্যাৰ তদন্তৰ বাবে এনে আয়োগ গঠন কৰা হৈছিল। এনে আয়োগে অষ্ট্ৰেলিয়া, কানাডা, শ্ৰীলংকা আৰু নেপালৰ মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰো তদন্ত কৰিছে।

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সৈতে কি সম্পৰ্ক নেলছেন মেণ্ডেলাৰ?
আজি ই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in