নিৰ্বাচনৰ পাছতেই ঘোষণা কৰিব ৰীমালত ক্ষতিগ্ৰস্তলৈ আৰ্থিক সাহায্য...

বংগত ২ লাখ লোক আছে শিবিৰত

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনৰ পাছতেই ঘোষণা কৰিব ৰীমালত ক্ষতিগ্ৰস্তলৈ আৰ্থিক সাহায্য...

নিৰ্বাচনৰ পাছতেই ঘোষণা কৰিব ৰীমালত ক্ষতিগ্ৰস্তলৈ আৰ্থিক সাহায্য...

ডিজিটেল ডেস্কঃ সাগৰীয় ঘূৰ্ণিবতাহ ৰীমালৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ কাষত থিয় দিছে বংগৰ চৰকাৰ তথা প্ৰশাসন। পশ্চিমবংগৰ দক্ষিণ অঞ্চল ৰীমালৰ প্ৰভাৱত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে।

Advertisment

এই ক্ষতিগ্ৰস্তসকলক নিৰ্বাচন অন্ত পৰিলেই বংগৰ চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব। আজি এক্স হেণ্ডেলত মমতা বেনাৰ্জীয়ে এই বিষয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে, এই পৰ্যন্ত ৰীমালৰ তাণ্ডৱত বংগত মুঠ ৬ জন লোকৰ প্ৰাণ হানি হৈছে। মমতা বেনাৰ্জীয়ে এক্সত উল্লেখ কৰা মতে ৰাজ্য প্ৰশাসনৰ তৎপৰতাৰ বাবে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰাণহানিৰ সংখ্যা বহু হ্ৰাস পালে।

এই ঘূৰ্ণিবতাহৰ ফলত ৰাজ্যখনৰ কৃষকসকলৰো যথেষ্ট ক্ষতি হৈছে। খেতি পথাৰৰ শস্য নষ্ট হৈছে। এই ক্ষতিগ্ৰস্ত কৃষকসকলকো নিৰ্বাচন অন্ত পৰাৰ পাছতে আৰ্থিক সাহায্য ঘোষণা কৰিব বংগৰ চৰকাৰে।

আজি পুৱা বংগৰ মুখ্য সচিবৰ পৰা মমতা বেনাৰ্জীয়ে ক্ষয় ক্ষতিৰ এক প্ৰতিবেদন লৈছে। এই প্ৰতিবেদন অনুসৰিয়েই বংগত মুঠ ১৪০০ টা শিবিৰ স্থাপন কৰা হৈছে। ইয়াত মুঠ ২ লাখ লোকক সুৰক্ষিতভাৱে আশ্ৰয় দিয়া হৈছে।

ঘূৰ্ণিবতাহ ৰীমালৰ বাবেই দেওবাৰে নিশা ঠায়ে ঠায়ে ভূমিস্খলনো হৈছে। ইয়াৰ ফলত দক্ষিণ বংগত পানীৰ সংকটে দেখা দিছে। ৰাজ্যখনত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে।

অৱশ্যে সোমবাৰৰ বিয়লিৰ ভাগৰ পৰা বতৰ ক্ৰমান্বয়ে সলনি হোৱাৰ সম্ভাৱনা আছে। দক্ষিণ বংগত মঙলবাৰে বৰষুণৰ কোনো সম্ভাৱনা নাই। ইয়াৰ বিপৰীতে উত্তৰ বংগৰ জিলাসমূহত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

এই পৰ্যন্ত কলকাতা, মেমাৰী, নামখানা, মহেশতলা আৰু পানীহাটিৰ পৰা ছয়জনলোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। কেইবাটাও মাটিৰ ঘৰো ধ্বংস হৈছে।  

Also Read: নিৰ্বাচনৰ পিছত EDৰ প্ৰশ্নত মোডীৰ কি হ'ব উত্তৰ? ক'লে ৰাহুল গান্ধীয়ে...

ঘূৰ্ণিবতাহ ৰীমাল