নিৰ্বাচনৰ পিছত EDৰ প্ৰশ্নত মোডীৰ কি হ'ব উত্তৰ? ক'লে ৰাহুল গান্ধীয়ে...

আদানীৰ প্ৰসংগত মোডীক ইডিয়ে কৰিব হেনো প্ৰশ্ন !

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনৰ পিছত EDৰ প্ৰশ্নত মোডীৰ কি হ'ব উত্তৰ? ক'লে ৰাহুল গান্ধীয়ে...

নিৰ্বাচনৰ পিছত EDৰ প্ৰশ্নত মোডীৰ কি হ'ব উত্তৰ? ক'লে ৰাহুল গান্ধীয়ে...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ এক নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰেই শেহতীয়া এক বক্তব্যক কেন্দ্ৰ কৰি তীব্ৰ কটাক্ষ কৰিছে। বিহাৰৰৰ বখটিয়াৰপুৰৰ এক নিৰ্বাচনী সভাত ৰাহুলে প্ৰধানমন্ত্ৰীগৰাকীক নিৰ্বাচনৰ পিছত ইডিয়ে কি প্ৰশ্ন কৰিব আৰু তাৰ উত্তৰ মোডীয়ে কি দিব সেই বিষয়ে উল্লেখ কৰিছে।

Advertisment

তেওঁ কয়, নিৰ্বাচনৰ পাছত যেতিয়া সেইসকল ইডিৰ লোকে নৰেন্দ্ৰ মোডীক আদানীৰ বিষয়ে সুধিব তেতিয়া তেওঁ উত্তৰত ক’ব মই একো নাজানোঁ, সকলোবোৰ পৰমাত্মাই হে মোক কৈছিল।

উল্লেখ্য যে, শেহতীয়াকৈ এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত নৰেন্দ্ৰ মোডীয়ে সাক্ষাতকাৰত কৈছিল যে, তেওঁক কোনোবাই পাগল বুলিও কলেওঁ বা মুৰ্খ বুলিও কলেও তেওঁ এই কথাত বিশ্বাস কৰে যে, তেওঁক পৰমাত্মাই কিবা এক উদ্দেশ্যতহে পৃথিৱীলৈ পঠিয়াইছে।

মোডীয়ে এক প্ৰশ্নৰ উত্তৰত কৈছিল "কিছুমানে মোক মূৰ্খ বুলি ক'ব পাৰে, কিছুমানে মোক পাগল বুলি ক'ব পাৰে। মই বিশ্বাস কৰোঁ যে পৰমাত্মাই মোক এটা উদ্দেশ্যৰ বাবে পঠিয়াইছে। যদি সেই উদ্দেশ্য পূৰণ হয়, তেন্তে পৰমাত্মায়ো মোৰ কাম সম্পূৰ্ণ কৰিব। সেয়েহে মই সম্পূৰ্ণৰূপে পৰমাত্মাৰ প্ৰতি সমৰ্পিত।"

মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ মাজত মোডীয়ে এইধৰণৰ কথা বতৰা কৈছে। যাৰ বাবে তেওঁক বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বই সমালোচনা কৰিছে। বিশেষকৈ হিন্দু ধৰ্মীয় আৱেগক তেওঁ এই নিৰ্বাচনৰ প্ৰতিখন সভাতেই ব্যৱহাৰ কৰিছে।

ৰাহুল গান্ধী নৰেন্দ্ৰ মোডী