কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব কাক দিয়াৰ সিদ্ধান্ত ল'লে কংগ্ৰেছে?

কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে একক সংখ্য়াগৰিষ্ঠতা লাভ কৰি জয় লাভ কৰিছিল। জয়ৰ পাছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব কাক দিয়াৰ সিদ্ধান্ত ল'লে কংগ্ৰেছে?

karnataka

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে একক সংখ্য়াগৰিষ্ঠতা লাভ কৰি জয় লাভ কৰিছিল। জয়ৰ পাছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা অব্যাহত আছে।

Advertisment

সোমবাৰেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ বাবে নাম ঘোষণা কৰাৰ কথা আছিল যদিও উক্ত দিনত এই ঘোষণা কৰা নহয়। মঙলবাৰে কংগ্ৰেছ অধ্যক্ষ মাল্লিকাৰ্জুন খাৰ্গে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ দৌৰত থকা ডি কে শিৱকুমাৰ আৰু চিদ্দাৰামায়া লগত বৈঠক অনুষ্ঠিত কৰে।

বৈঠকৰ অন্তত এজন শীৰ্ষ কংগ্ৰেছ নেতাই কয় যে বুধবাৰে কংগ্ৰেছ অধ্যক্ষই ঘোষণা কৰাৰ সম্ভাৱণা আছে মুখ্যমন্ত্ৰীৰ নাম। সূত্ৰ অনুসৰি, মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সৈতে পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত চূড়ান্ত সিদ্ধান্ত ল'ব।

ডি কে শিৱকুমাৰ আৰু চিদ্দাৰামায়া দুয়ো শক্তিশালী কংগ্ৰেছ নেতা। শাসনভাৰ কাৰ হাতলৈ যাব সেইয়া কংগ্ৰেছে নিশ্চিত নহ'লেও কিন্তু ১৮ মে'ত শপত গ্ৰহণ কৰিব ৰাজ্যখনৰ ২৪ সংখ্যক নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ১৩ মেত ঘোষণা হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১৩৫ খন আসন লাভ কৰিবলৈ সক্ষম হয়। ২২৪ খন আসনৰ বাবে ১০ মেত অনুষ্ঠিত হৈছিল নিৰ্বাচন।

Also Read: ৮ বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা, বিফল হোৱাত শ্বাসৰুদ্ধ কৰি হত্যা...

congress karnataka