৮ বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা, বিফল হোৱাত শ্বাসৰুদ্ধ কৰি হত্যা...

এটি ৮ বছৰীয়া শিশুৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন কিশোৰে শিশুটিক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰাত বিফল হোৱাৰ বাবে শ্বাসৰুদ্ধ কৰি হত্যা কৰে ।

author-image
Asomiya Pratidin
New Update
বোকাখাতত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত : দুই যুৱতীসহ এজনক আটক

প্ৰতীকী আলোকচিত্ৰ

ডিজিটেল ডেস্কঃ এটি ৮ বছৰীয়া শিশুৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন কিশোৰে শিশুটিক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰাত বিফল হোৱাৰ বাবে শ্বাসৰুদ্ধ কৰি হত্যা কৰে । এই ঘটনা ৰাজস্থানৰ ভিলৱাৰা জিলাৰ। মঙলবাৰে আৰক্ষীয়ে জনাই এই কথা।

Advertisment

আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে গৰুৰ গোহালীৰ ভিতৰত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ।

শিশুটিৰ মাতৃয়ে দাখিল কৰা অভিযোগ অনুসৰি, অভিযুক্তই তেওঁৰ কন্যাক প্ৰথমে ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল । কিন্তু শিশুটিয়ে প্ৰতিৰোধ কৰাৰ সময়ত তাইক শ্বাসৰুদ্ধ কৰি হত্যা কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত অপহৰণ, ধৰ্ষণৰ চেষ্টা আৰু হত্যাৰ গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তৰ বয়স ১৭ বছৰ। অৱশ্যে আৰক্ষীয়ে এতিয়াও অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক আৰক্ষীয়ে চমজাই দিছে মৃতদেহ। আনহাতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

Also Read: ঘিলামৰাবাসীৰ ফাটবিহু বর্জনৰ সিদ্ধান্ত