মমতা সুখী, নীতিশ দুখী! কোন হ'ব ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী ?

মমতা সুখী, নীতিশ দুখী! কোন হ'ব ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী ?

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে হ'ব পাৰে বিৰোধী মৰ্চা ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। মঙলবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিৰোধী মৰ্চাৰ বৈঠকত মল্লিকাৰ্জুন খাৰ্গেৰ নাম বিৰোধী দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱিত হয়। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই প্ৰস্তাৱ আগবঢ়ায়।

মমতা বেনাৰ্জীয়ে ইয়াৰ ওপৰত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে "সকলোৱে আমাক সুধি আছিল বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন? মই খাৰ্গেৰ নাম প্ৰস্তাৱ কৰিছিলো আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মোৰ প্ৰস্তাৱটো সমৰ্থন কৰিছিল। আমাৰ ইয়াত কোনো আপত্তি নাই আৰু আমি সুখী যে খাৰ্গে মিত্ৰতাৰ মুখ হ'ব। এই সিদ্ধান্তত বৰ্তমানলৈ কোনোৱে অসন্তুষ্টি প্ৰকাশ কৰা নাই বুলি তেওঁ কয়।

আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই কয় যে , এই ,সম্পৰ্কে পৰৱৰ্তী বৈঠকত সিদ্ধান্ত লোৱা হ'ব। লগতে কয় যে, খাৰ্গে এগৰাকী জ্যেষ্ঠ নেতা। বিগত ৫ টা দশত ধৰি ৰাজনীতিত থকা এজন অভিজ্ঞ ৰাজনীতিবিদ।

উল্লেখ্য যে, খাৰ্গেৰ নাম প্ৰস্তাৱ কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি বৈঠক ত্যাগ কৰিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰজেডি নেতা লালু প্ৰসাদ যাদৱে। বৈঠকৰ অন্তত দুইগৰাকী নেতাই সংবাদমেলো সম্বোধন কৰা নাছিল। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে তেওঁলোকে একো মন্তব্য আগবঢ়োৱা নাই।

কালি অনুষ্ঠিত হোৱা বৈঠকত ২৮ টাকৈ বিৰোধী দলে অংশ গ্ৰহণ কৰিছিল। আসন- ভাগ বতৰাৰ কথা এতিয়াও চূড়ান্ত হোৱা নাই যদিও অতি শীঘ্ৰেই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি কংগ্ৰেছ নেতা কেচি বেনুগোপালে কয়। লগতে তেওঁ কয় যে, আসন ভাগ-বতৰা কৰি লগে লগে সংযুক্ত হৈ ৰণনীতি প্ৰস্তুত কৰা হ'ব।

মমতা সুখী, নীতিশ দুখী! কোন হ'ব ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী ?
ব্ৰিটিছে আমাৰ দেশক 'ইণ্ডিয়া' নাম দিছিল, ঔপনিবেশিক মনোভাৱৰ পৰা আমি মুক্ত হ'ব লাগিবঃ হিমন্ত বিশ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in