
ডিজিটেল ডেস্কঃ আমাৰ সভ্যতাৰ সংঘাত ভাৰত আৰু ইণ্ডিয়াৰ চাৰিওফালে কেন্দ্ৰিত হৈ আছে। ব্ৰিটিছে আমাৰ দেশক ইণ্ডিয়া বুলি নামাকৰণ কৰিছিল। আমি ঔপনিৱেশিক উত্তৰাধিকাৰৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ হৈ যুঁজ দিছিল আৰু আমি ভাৰতৰ বাবে কাম কৰি যাম। বিজেপি ভাৰতৰ বাবে - এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
বিৰোধী মৰ্চাৰ ইণ্ডিয়া নামৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই টুইট কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, মঙলবাৰে বেংগালুৰত অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকত ২৬ টা দলে অংশ গ্ৰহণ কৰে। এই দল সমূহে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত লয়।
কংগ্ৰেছে আয়োজন কৰা এই বৈঠকত ইউপিএ ভংগ কৰি বিৰোধী মৰ্চাৰ নাম ইণ্ডিয়া কৰা হয়। ইণ্ডিয়াৰ অৰ্থ- ইণ্ডিয়ান নেছনেল ডেমক্ৰেটিক ইনক্লুচিভ এলায়েঞ্চ। অৱশ্যে এই নামটোক লৈ এতিয়াও সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যমতত উপনীত হোৱা নাই। তথাপিও গৰিষ্ঠসংখ্যক ৰাজনৈতিক নেতাই এই নামটোকেই চূড়ান্ত কৰাৰ পক্ষত থিয় দিছে। বিৰোধীৰ এই মৰ্চাত আছে কেইবাটাও শক্তিশালী দল। বিৰোধীৰ শক্তি দেখি ইতিমধ্যে শাসকীয় পক্ষত জোকাৰণিৰ সৃষ্টি হৈছে। তাৰমাজতে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।