এতিয়াৰে পৰা 'এলেক্সা'ত শুনিবলৈ পাব পুৰুষৰ কণ্ঠস্বৰ...

এলেক্সা ব্যৱহাৰ কৰা সকলৰ বাবে ভাল খবৰ। ভাৰতত এলেক্সা ব্যৱহাৰ কৰা সকলে এলেক্সাৰ মূল কণ্ঠস্বৰ আৰু পুৰুষসুলভ শব্দৰ মাতৰ শুনিবলৈ পাব।

author-image
Asomiya Pratidin
New Update
এতিয়াৰে পৰা 'এলেক্সা'ত শুনিবলৈ পাব পুৰুষৰ কণ্ঠস্বৰ...

ডিজিটেল ডেস্ক: এলেক্সা ব্যৱহাৰ কৰা সকলৰ বাবে ভাল খবৰ। ভাৰতত এলেক্সা ব্যৱহাৰ কৰা সকলে এলেক্সাৰ মূল কণ্ঠস্বৰ আৰু পুৰুষসুলভ শব্দৰ মাতৰ শুনিবলৈ পাব।

Advertisment

আমাজনে বৃহস্পতিবাৰে কয় যে ইয়াৰ ভাৰ্চুৱেল সহায়কে ভাৰতত পাঁচ বছৰ সম্পূৰ্ণ কৰিছে। "প্ৰথমবাৰৰ বাবে, ভাৰতীয় ব্যৱহাৰকাৰীসকলে এলেক্সাৰ মূল কণ্ঠস্বৰ আৰু নতুন পুৰুষসুলভ কণ্ঠস্বৰৰ শুনিব পাৰিব। নতুন কণ্ঠই ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে সঁহাৰি দিব পাৰে বুলিও কয় আমাজনে।

ব্যৱহাৰকাৰীসকলে ইকো ডিভাইচত Alexa, change your voice (এলেক্সা, আপোনাৰ মাত সলনি কৰক) বুলি কৈ কণ্ঠস্বৰ সলনি কৰিব পাৰে। নতুবা এলেক্সা এপৰ এলেক্সাৰ ভইচ বাছনি কৰিব পাৰে।

Also Read: দেৱব্ৰত মহন্তৰ কেনভাছত প্ৰাণ পাই উঠিল পৰাগ কুমাৰ দাস...

alexa