দেৱব্ৰত মহন্তৰ কেনভাছত প্ৰাণ পাই উঠিল পৰাগ কুমাৰ দাস...

অশান্তজৰ্জৰ এক ভয়াবহ পৰিস্থিতিৰ মাজত এক বলিষ্ঠ কণ্ঠ হিচাপে মূৰ দাঙি উঠা সাংবাদিক পৰাগ কুমাৰ দাসৰ বিষয়ে নজনা মানুহ হয়তো খুব কমেইহে ওলাব ৷

author-image
Asomiya Pratidin
New Update
দেৱব্ৰত মহন্তৰ কেনভাছত প্ৰাণ পাই উঠিল পৰাগ কুমাৰ দাস...

ডিজিটেল ডেস্ক: অশান্তজৰ্জৰ এক ভয়াবহ পৰিস্থিতিৰ মাজত এক বলিষ্ঠ কণ্ঠ হিচাপে মূৰ দাঙি উঠা সাংবাদিক পৰাগ কুমাৰ দাসৰ বিষয়ে নজনা মানুহ হয়তো খুব কমেইহে ওলাব ৷ অকল সাংবাদিক হিচাপেই নহয় এজন শক্তিশালী লেখক হিচাপেও দাসে দাঙি ধৰিছিল নিজৰ অসাধাৰণ ব্যক্তিত্ব ৷

Advertisment

ছাংলট ফেনলাকে ধৰি তেখেতৰ কেইবাখনো গ্ৰন্থ তথা বুধবাৰ , আগানকে ধৰি বিভিন্ন সংবাদপত্ৰৰ মাধ্যমেৰে তেখেতে যি এক আপোচবিহীন মতাদৰ্শ দাঙি ধৰিছিল । এদিন অকালতে আততায়ীৰ হাতত প্ৰাণ বিসৰ্জন দিবলগীয়াও হৈছিল সাংবাদিক গৰাকীয়ে ৷

কিন্ত অতি কমদিনৰ ভিতৰতে দাসে সৰ্বসাধাৰণ মানুহৰ মনত যি সাঁচ বহুৱাই থৈ গ'ল সেইয়া সঁচাকৈয়ে অতুলনীয় আৰু অভাৱনীয় ৷ ২৪ ফেব্ৰুৱাৰী তথা আজি বিশিষ্ট সাংবাদিক গৰাকীৰ জন্মদিন উপলক্ষে এজন চিত্ৰ শিল্পীয়ে অংকন কৰিছে বিশেষ ছবি।

ছবিখনৰ জৰিয়তে ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰৰো প্ৰসংগ টানি আনিব বিচৰা হৈছে ৷ আততায়ীৰ গুলিত পৰাগ কুমাৰ দাস কায়িকভাৱে আতৰি গ'লেও আমাৰ মাজত পৰাগ কুমাৰ দাস চিৰদিন সুদৰ্শন চক্ৰৰ দৰে এক শক্তিশালী ৰূপত জীয়াই আছে ৷ আৰু ভবিষ্যতেও থাকিব ৷

চিত্ৰ শিল্পী দেৱব্ৰত মহন্তই পৰাগ কুমাৰ দাসৰ জন্মদিন উপলক্ষে কৰিছে বিশেষ প্ৰসায়। দাসৰ জন্মদিন উদযাপন তথা পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ, অসমৰ বাৰ্ষিক অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ মহাবিদ্যালয়ৰ প্ৰৱক্তা গৰাকীয়ে অংকন কৰিছে বিশেষ ছবি। বিদেশৰ বহু চিত্ৰ প্ৰদৰ্শনীত বা কেইবাখনো বিদেশৰ চিত্ৰ প্ৰতিযোগিতাত পুৰষ্কাৰ পাবলৈ সক্ষম হোৱা বিশিষ্ট চিত্ৰশিল্পী দেৱব্ৰত মহন্তই পৰাগ কুমাৰ দাসৰ চিন্তা- চেতনা, আদৰ্শক ৰং, তুলিকাৰে কেনভাচ সজাই তুলিছে।

দেৱব্ৰত মহন্ত  User
দেৱব্ৰত মহন্ত User

Also Read: নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি জন্মদিন...

parag kumar das