/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/18b1a461-c9fe-4e38-8241-de5bb8d4bcd0/0.jpg)
ডিজিটেল ডেস্ক : মালায়ালম চিনেমা আৰু ধাৰাবাহিকৰ মোহময়ী অভিনেত্ৰী অপৰ্ণা নায়াৰৰ মৃত্যু। ৰঙীণ পৃথিৱীৰ মায়া-মোহ এৰি গ'ললৈ অভিনেত্ৰীগৰাকী।
জানিব পৰামতে পাৰিবাৰিক কাৰণত তেওঁ স্ব-গৃহতেই চিপ লৈ আত্মহত্যা কৰে। তিৰুৱন্তপুৰমত থকা বাসগৃত শুকুৰবাৰে সন্ধিয়াৰ ভাগত ৩৩ বছৰীয়া অভিনেত্ৰী নায়াৰে চৰম সিদ্ধান্ত বাচি লয়।
মৃত্যৰ সময়ত তেওঁ পতি আৰু দুটি সন্তানক এৰি থৈ যায়। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সম্প্ৰতি কোনোধৰণৰ আত্মহত্যাৰ টোকা আৰক্ষীয়ে লাভ কৰা নাই।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us