/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/365e97f5-93e1-405e-a416-e8f9d6d7ed7d/dhuli.jpg)
ডিজিটেল ডেস্ক : সাহিত্যৰ পথাৰ উকা কৰি গ'লগৈ বিশিষ্ট সাহিত্যিক তথা কবি ৰবীন্দ্ৰ সৰকাৰ। কলিকতাৰ প্ৰখ্যাত সাহিত্যিকগৰাকী শুকুৰবাৰে নিশা প্ৰায় ২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, ২০১৩ চনত 'ধূলিয়ৰি ভৰিৰ সাঁচ' নামৰ কবিতা সংকলনখনৰ বাবে তেওঁক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। ভাৰতীয় জীৱন বীমা নিগমত কৰ্ম জীৱন আৰম্ভ কৰি ২০০০ চনত তেওঁ চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰিছিল। প্ৰখ্যাত সাহিত্যিকগৰাকীৰ মৃত্যুত বিভিন্ন ক্ষেত্ৰৰ লোকসকলে শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
Also Read: লামডিং ৰে'লৱে জংচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us