ছুটী লৈ ঘৰ অহা নহ'ল আশীষৰ, শ্বহীদ হ'ল দেশৰ হকে...

নিহত হোৱা হাৰিয়ানাৰ পানীপথৰ মেজৰ আশীষ ধোনচাকৰ নশ্বৰ দেহ বৃহস্পতিবাৰে পানীপথত অনা হ'ব।

author-image
Asomiya Pratidin
New Update
ছুটী লৈ ঘৰ অহা নহ'ল আশীষৰ, শ্বহীদ হ'ল দেশৰ হকে...

আশীষৰ পিতৃ-মাতৃ, পত্নী আৰু কন্যা

ডিজিটেল ডেস্কঃ জম্মুৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ৩গৰাকী সেনা নিহত হোৱা। নিহত হোৱা হাৰিয়ানাৰ পানীপথৰ মেজৰ আশীষ ধোনচাকৰ নশ্বৰ দেহ বৃহস্পতিবাৰে পানীপথত অনা হ'ব।

Advertisment

আশীষৰ অন্তিম সংস্কাৰ তেওঁৰ জন্মস্থান বিঞ্জুলত সম্পন্ন কৰা হ'ব। আশীষৰ পৰিয়ালে পানীপথৰ চেক্টৰ ৭-ৰ এটা ভাড়াঘৰত থাকে। জানিব পৰা মতে আশীষৰ মৃতদেহ প্ৰথমে চেক্টৰ ৭-ৰ ওচৰত নিৰ্মাণ হৈ থকা ঘৰলৈ অনা হ'ব। এই নতুন ঘৰটোত প্ৰৱেশ কৰিবলৈ আশীষে ১৩ অক্টোবৰত ছুটি লৈ ঘৰলৈ অহা কথা আছিল।

কিন্তু সেই সপোন পূৰণ নহ'ল আশীষৰ। তাৰ পূৰ্বেই দেশৰ হকে শ্বহীদ হয় আশীষ। গৃহ প্ৰৱেশৰ ইচ্ছা থকাৰ বাবে আশীষৰ মৃতদেহ প্ৰথমে নতুন ঘৰলৈ লৈ যোৱা হ'ব।

আশীষৰ সম্পৰ্কীয় লোকে কোৱা অনুসৰি আশীষ হাঁহিমুখীয়া আছিল। যেতিয়াই ছুটীত আহিছিল প্ৰথমে গাঁও গৈ বন্ধুবৰ্গক লগ কৰিছিল। সেনাৰ মেডেলো লাভ কৰিছিল আশীষে যাৰ বাবে তেওঁ বহুক সুখী আছিল।

আশীষে ২৩ অক্টোবৰতো ঘৰতে থাকিলহেতেন। সেইদিনা তেওঁ জন্মদিন আছিল। আশীষে পৰহি ফোন কৰিছিল ভগ্নীক। যেতিয়া ভগ্নীয়ে ফোন কৰিছিল তেতিয়া কৈছিল যে অভিযান চলি আছিল। তাৰপাছতে কালি গম পাইছিল আশীষ আঘাতপ্ৰাপ্ত হোৱা বুলি আৰু সন্ধিয়া খবৰ আহিছিল আশীষ শ্বহীদ হৈছে দেশৰ হকে। আশীষ তিনিগৰাকী ভগ্নীৰ পাছত সৰু লৰা আছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ, মাতৃ, পত্নী আৰু ২ বছৰীয়া সন্তানক এৰি থৈ যায়।

Also Read: বিধানসভাত গৃহীত পঞ্চায়ত সংশোধনী বিধেয়কঃ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ

kashmir