বিধানসভাত গৃহীত পঞ্চায়ত সংশোধনী বিধেয়কঃ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ

বিধানসভাত গৃহীত পঞ্চায়ত সংশোধনী বিধেয়কঃ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাও নিৰ্ধাৰণ
বিধানসভাত গৃহীত পঞ্চায়ত সংশোধনী বিধেয়কঃ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাও নিৰ্ধাৰণ

ডিজিটেল ডেস্কঃ বিধানসভাত গৃহীত হ’ল পঞ্চায়ত সংশোধনী বিধেয়ক ২০২৩। সংশোধিত আইন অনুসৰি এতিয়াৰে পৰা অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

সংশোধিত আইন অনুসৰি ৱাৰ্ড সদস্যৰ দ্বাৰা নিৰ্বাচিত হ’ব গাঁও পঞ্চায়তৰ সভাপতি।ৱাৰ্ড সদস্যৰ নিৰ্বাচনত নাথাকিব দলীয় প্রতীক। আঢ়ৈ বছৰলৈ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্রস্তাৱ।

জিলা পৰিষদৰ সদস্যৰ ক্ষেত্রত প্রযোজ্য হ’ব Anti defection law। আনহাতে এইবাৰ বেলট পেপাৰৰ পৰিৱৰ্তে ইভিএমত হ’ব পঞ্চায়ত নিৰ্বাচন।

পঞ্চায়ত প্রাৰ্থীৰ বাবে শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে নতুন আইনত। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ প্রাৰ্থী হ’ব লাগিব উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ। গাঁও পঞ্চায়তৰ সদস্যৰ প্রাৰ্থীও হ’ব লাগিব এইচএছ উত্তীৰ্ণ। 

বিধানসভাত গৃহীত পঞ্চায়ত সংশোধনী বিধেয়কঃ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাও নিৰ্ধাৰণ
বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাতে নাও দুৰ্ঘটনা, ১৮ জন নিৰুদ্দেশ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in