পথ দুৰ্ঘটনাত পতিত হোৱা বাছত অগ্নিকাণ্ডঃ ৩৩ জন যাত্ৰীৰ ২৫ জনৰেই মৃত্যু...

পথ দুৰ্ঘটনাত পতিত হোৱা বাছত অগ্নিকাণ্ডঃ ৩৩ জন যাত্ৰীৰ ২৫ জনৰেই মৃত্যু...
পথ দুৰ্ঘটনাত পতিত হোৱা বাছত অগ্নিকাণ্ডঃ ৩৩ জন যাত্ৰীৰ ২৫ জনৰেই মৃত্যু...
Published on
Updated on

ডিজিটেল ডেস্কঃ নিশা চলন্ত বাছত সংঘটিত হোৱা অগ্নিকাণ্ডত শিশুসহ ২৫ জনকৈ লোক অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰিছে। নাগপুৰৰ পৰা পুনেলৈ ৩৩ জন যাত্ৰী কঢ়িয়াই নিয়া বিদৰ্ভ ট্ৰেভেলছৰ এই বাছখনত নিশা মহাৰাষ্ট্ৰৰ বুলধানাৰ এক্সপ্ৰেছৱেত দুৰ্ঘটনাত পতিত হৈ জ্বলি উঠে।

এই ঘটনাত ২৫ জন লোকৰ মৃত্যু নিশ্চিত হৈছে। ইফালে বাছখনৰ আন ৮ গৰাকী যাত্ৰীও গুৰুতৰ ভাৱে আহত হৈছে। আহত আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই ঘটনাৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে নিহতৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। উল্লেখ্য যে, নিশা প্ৰায় ১-৩০ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ কাৰণ টায়াৰ বিস্ফোৰণ।

বাছখনৰ চালকৰ ভাষ্য অনুসৰি প্ৰথমে বাছখনৰ এটা চকা বিস্ফোৰণ হয় আৰু তাৰ পাছতেই নিয়ন্ত্ৰণ হেৰুৱাই এটা খুঁটাত খুন্দা মাৰে। ইয়াৰ পাছতেই বাছখন বাগৰি পৰে।

ইয়াৰ কিছু মুহূৰ্তৰ পাছতে বাছখন জ্বলি উঠে। বাগৰি পৰা বাছখনৰ প্ৰৱেশ দুৱাৰখন তলফালে থকাত বাছখনৰ পৰা যাত্ৰীসকল ওলাই অহাৰ সুযোগ নাপালে। ফলশ্ৰুতিত অগ্নিদগ্ধ হোৱা বাছখনৰ অধিকাংশ যাত্ৰীয়েই অগ্নিদগ্ধ হয়।

কেৱল চালকৰ কেবিনট যিসকল যাত্ৰী আছিল তেওঁলোকৰহে প্ৰাণ ৰক্ষা পৰে। তেওঁলোকে সন্মুখৰ গ্লাছ ভাঙি বাহিৰলৈ ওলাই আহে। এই ঘটনাৰ পাছতে প্ৰশাসনে দুটাকৈ হেল্প লাইন নম্বৰো মুকলি কৰিছে। হেল্প লাইন নম্বৰ দুটো ৭০২০৪৩৫৯৫৪, ৭২৬২২৪২৬৮৩।   

পথ দুৰ্ঘটনাত পতিত হোৱা বাছত অগ্নিকাণ্ডঃ ৩৩ জন যাত্ৰীৰ ২৫ জনৰেই মৃত্যু...
আৰক্ষী কনিষ্টবলৰ আত্মহননঃ ৩ মাহ পূৰ্বে যোগদান কৰিছিল চাকৰিত....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in