৩০ মিনিটত ৩৩,৩১৫ চাকি জ্বলাই গঢ়িলে বিশ্ব ৰেকৰ্ড

৩০ মিনিটত ৩৩,৩১৫ চাকি জ্বলাই গঢ়িলে বিশ্ব ৰেকৰ্ড

author-image
Asomiya Pratidin
New Update
৩০ মিনিটত ৩৩,৩১৫ চাকি জ্বলাই গঢ়িলে বিশ্ব ৰেকৰ্ড

ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত মহাৰাষ্ট্ৰই গঢ়ে এক বিশেষ ৰেকৰ্ড। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত বন মন্ত্ৰী সুধীৰ মুনগংতিৱাৰৰ নেতৃত্বত ৩৩ হাজাৰ ৩১৫টা চাকি জ্বলাই 'ছিয়াবৰ ৰামচন্দ্ৰ কি জয়' বুলি লিখি ৰেকৰ্ড গঢ়ে। ৩০ মিনিটত ৩৩,৩১৫ চাকি জ্বলাই এই ৰেকৰ্ডে গিনিজ বুক অফ ৱাৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে।ৰাম ভক্তিত লীন হৈ হাজাৰ হাজাৰ ভক্তই চাকি জ্বলায়।

Advertisment

উল্লেখ্য যে, ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হয়। ৫৫০ বছৰ ধৰি কৰা অপেক্ষাৰ অন্তত অহা এই শুভ দিনটোত দেশ-বিদেশৰ পৰা ভক্ত আহে অযোধ্যালৈ।

ইয়াৰোপৰি দেশৰ বিভিন্ন প্ৰান্তত ৰামৰ নামত বহু অনুষ্ঠানৰ আয়োজন কৰে। এই সকলোবোৰৰ ভিতৰত আছিল মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ। এই শুভ দিনটোতেই মহাৰাষ্ট্ৰই এনেদৰে ৰেকৰ্ড গঢ়ে।

Also Read: অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, মহানগৰীত কেইবাটাও কাৰ্যসূচী

ram mandir