/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9a2a2e8c-53eb-48ce-9e85-9aff745bb52d/rahul_gandhi_2.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে পুনৰ অসমত ন্যায় যাত্রা কৰিব ৰাহুল গান্ধীয়ে। উত্তৰ-পূবৰ কংগ্রেছ নেতৃত্বৰে বৈঠকত মিলিত হ’ব ৰাহুল গান্ধী। হোটেল কুইনত শিক্ষাৰ্থীৰেও কৰিব মত-বিনিময়। মহানগৰীৰ একাংশ বিশিষ্ট ব্যক্তিৰেও বৈঠকত বহিব ৰাহল গান্ধী।
বিগত ৩-৪ দিন ধৰি অসমতে আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ অংশ হিচাপে এদিনৰ বাবে অৰুণাচললৈ যোৱাৰ পাছত পুনৰ ঘূৰি আহিছিল অসমলৈ।
সোমবাৰে বটদ্ৰৱা থান দৰ্শন কৰাৰ কথা আছিল গান্ধীৰ। কিন্তু আৰক্ষী প্ৰশাসনে নিদিলে অনুমতি। ধিং গেটতে আৱদ্ধ কৰি ৰাখিছিল গান্ধীক।
আনহাতে গুৱাহাটীৰ মাজ-মজিয়াত প্ৰৱেশ কৰাতো গান্ধীয়ে পোৱা নাই অনুমতি। গুৱাহাটীৰ প্ৰেছ ক্লাবতো সংবাদমেল সম্বোধন কৰিব নোৱাৰিব কংগ্ৰেছ নেতাগৰাকীয়ে। অৱশ্যে খানাপাৰা-বশিষ্ঠ-গড়চুক লৈ তেওঁ ন্যায় যাত্ৰা কৰিব পাৰিব।
Also Read: পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক ইডিৰ চমন