/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/mobile-in-hand.jpg)
ডিজিটেল ডেস্কঃ ফেচবুকত লাইভ আহি আত্মহত্যা ২৭ বছৰীয়া এজন যুৱকৰ। যুৱকজনে মঙলবাৰে পুৱতি নিশা পত্নীৰ ফেচবুকত লাইভ আহি আত্মহত্যা কৰে। এই ঘটনা মহাৰাষ্ট্ৰৰ নাগপুৰৰ।
কাম্পটেৰ বাসিন্দা সিদ্ধাৰ্থ ডংগ্ৰে নামৰ লোকজনে এই আত্মহত্যাৰ ঘটনা সংঘটিত কৰে। লোকজন এজন সুৰাসক্ত আৰু নিবনুৱা আছিল।যাক লৈ পত্নীৰ সৈতে প্ৰায়েই তেওঁৰ বিবাদ হৈছিল।
সোমবাৰে যুৱকজনৰ পৰিয়ালৰ লোক ঘৰত নাছিল।তেতিয়াই তেওঁ সুৰাপান কৰে আৰু সোমবাৰ-মঙলবাৰৰ নিশা পত্নীৰ ফেচবুকত লাইভ আহি আত্মহত্যা কৰে।
এই ঘটনাৰ পাছতেই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কি কাৰণে যুৱক জনে এই ঘটনা সংঘটিত কৰে বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: ৰহস্যজনক অৱস্থাত চাহ বাগিচাৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ...