ৰহস্যজনক অৱস্থাত চাহ বাগিচাৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ...

মঙলবাৰে ডিব্রুগড়ৰ জালান চাহ বাগিচাত উদ্ধাৰ মৃতদেহটোক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ডিজিটেল ডেস্কঃ ডিব্রুগড়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। মঙলবাৰে ডিব্রুগড়ৰ জালান চাহ বাগিচাত উদ্ধাৰ মৃতদেহটোক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

Advertisment

মৃতদেহটোৰ সৈতে উদ্ধাৰ AS-06 AG 1154 নম্বৰৰ এখন স্কুটীও। বাগিচাখনৰ মিলন নগৰ আৰু চিৰিং চাপৰি সংযোগী পথত উদ্ধাৰ মৃতদেহটো।

দিনৰ ভাগতে বহুলোকে প্রত্যক্ষ কৰিছিল যুৱকজনক। নিচাসক্ত হৈ পৰি থকা বুলি সন্দেহ কৰিছিল একাংশই। সন্ধিয়া পৰ্যন্ত তেনে অৱস্থাত পৰি থকা দেখি খবৰ দিয়ে আৰক্ষীক।

যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃত যুৱকজন টেপৰ গাঁৱৰ সন্দীপ সোণোৱাল বুলি চিনাক্ত। দিনৰ ভাগত স্কুটীখনত ৩জন যুৱক উঠি অহা প্রত্যক্ষ কৰিছিল একাংশই। অৱশ্যে কেনেদৰে যুৱকজনৰ মৃত্যু হ'ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।

Assam police