পুনৰ আৰম্ভ কৃষক বিদ্ৰোহ ! হাজাৰ হাজাৰ কৃষকৰ মায়া নগৰীলৈ প্ৰতিবাদী সমদল...

পুনৰ আৰম্ভ কৃষক বিদ্ৰোহ ! হাজাৰ হাজাৰ কৃষকৰ মায়া নগৰীলৈ প্ৰতিবাদী সমদল...
পুনৰ আৰম্ভ কৃষক বিদ্ৰোহ ! হাজাৰ হাজাৰ কৃষকৰ মায়া নগৰীলৈ প্ৰতিবাদী সমদল...

ডিজিটেল ডেস্কঃ দেশত পুনৰ আৰম্ভ হৈছে কৃষক বিদ্ৰোহ ! প্ৰায় ১০ হাজাৰ কৃষকে একেলগে ২০৩ কিলোমিটাৰ পথ সমদলেৰে এই প্ৰতিবাদী যাত্ৰা আৰম্ভ কৰিছে। পানীৰ দৰত কৃষকে পিয়াজ বিক্ৰী কৰিব লগীয়া হোৱাৰ বাবেই কৃষকসকলে এই প্ৰতিবাদী সমদলৰ আৰম্ভ কৰিছে।

পিয়াজৰ খেতিয়কৰ দুৰৱস্থাৰ কথাই ইতিমধ্যে দেশজুৰি চৰ্চা লাভ কৰিছে। প্ৰতি কিলোগ্ৰাম পিয়াজত ১ টকা মূল্যত বিক্ৰী কৰা কৃষকে ফচল উৎপাদনৰ উচিত মূল্য পোৱাটো দূৰৰে কথা যাতায়তৰ খৰচেই উলিয়াব পৰা নাই।

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, এজন কৃষকে ৭০ কিলোমিটাৰ আঁতৰলৈ প্ৰায় ৫১২ কিলোগ্ৰাম পিয়াজ বিক্ৰী কৰিবলৈ নি পাইছে মাত্ৰ ৫১২ টকা। ৫০০ টকা গাড়ীয়ে ভাড়া আদায় লোৱাত তেওঁ ৫১২ কিলোগ্ৰাম পিয়াজৰ বাবে লাভ কৰে মাত্ৰ ২ টকাৰ এখন চেক। এয়াই পিয়াজৰ খেতিয়কৰ দুৰ্দশাগ্ৰস্ত ছবি।

নাছিকৰ দিনডোৰীৰ পৰা পৰা মুম্বাইৰ আজাদ ময়দানলৈ সোমবাৰৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা। এইবাৰ কৃষকসকলৰ আন্দোলনৰ মূল দাবী হৈছে ভূমিৰ অধিকাৰ, পিয়াজৰ ওপৰত নূন্যতম সমৰ্থিক মূল্য আৰু ঋণ ৰেহাই।

প্ৰতিদিনে প্ৰায় ২৫ কিলোমিটাৰ বাট খোজেৰে অতিক্ৰম কৰা এই কৃষকসকলে সমদলৰ সময়ত বিভিন্ন শ্লোগান আওৰাই আকাশ-বতাহ কপাই আহিছে। নিশা পাৰ কৰিছে ৰাজপথৰ ওপৰতেই।

প্ৰতিবাদী কৃষকসকলে অহা ২০ মাৰ্চত আজাদ ময়দানত সমবেত হ'ব। ইফালে কৃষক নেতাসকলৰ সৈতে প্ৰশাসনে আলোচনা আৰম্ভ কৰি তেওঁলোকৰ সমস্যাৰ সমাধান কৰা হ'ব বুলি অশ্বাস প্ৰদান কৰিছে।

অল ইণ্ডিয়া কিষাণ সভা আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত এই পদযাত্ৰাত জে পি গাভিট, অজিত নাভালেৰ দৰে বাওঁদলৰ নেতা আৰু নাছিক জিলাৰ জনজাতীয় অধ্যুষিত বাঘলান, কালৱান, দিনডোৰী তহচিলৰ জনজাতীয় শ্ৰমিকসকলো আছে।

এই কৃষক বিদ্ৰোহ সন্দৰ্ভত ডিচিপি কিৰণ কুমাৰ চৱনে কয়, "আমি আইন-শৃংখলা বজাই ৰখাৰ বাবে পৰ্যাপ্ত আৰক্ষী বাহিনী মোতায়েন কৰিছো। ৰাস্তাত দুটা পথ নিৰ্মাণ কৰা হৈছে যাতে যান-বাহন চলাচলত প্ৰভাৱিত নহয়।

সৰ্বভাৰতীয় কিষাণ সভাৰ মহাৰাষ্ট্ৰ গোটৰ সাধাৰণ সম্পাদক অজিত নাৱালে এই প্ৰতিবাদী সমদল তথা ২০ মাৰ্চৰ সমাবেশৰ সন্দৰ্ভত কয়, "যেতিয়াই পিয়াজৰ মূল্য হ্ৰাস পায়, কৃষকসকলে ন্যায়ৰ পৰা বঞ্চিত হয়। চৰকাৰৰ পৰা কেৱল আশ্বাস লাভ কৰে। আমি গাখীৰ উৎপাদকসকলৰ বিষয়বোৰ উত্থাপন কৰি আহিছো, কিন্তু চৰকাৰে কেৱল আশ্বাস দি আছে। কৃষকসকলে ন্যায়ৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ পদযাত্ৰা কৰিছে।

উল্লেখ্য যে, নাছিকত এইয়া এনেধৰণৰ তৃতীয় আন্দোলন। ২০১৮ আৰু২০১৯ চনতো, কৃষকসকলে পদযাত্ৰা কৰিছে। দুয়োবাৰ, চৰকাৰে তেওঁলোকৰ দাবী পূৰণ কৰা হ'ব বুলি আশ্বাস দি আন্দোলন প্ৰত্যাহাৰ কৰাইছিল।

কিন্তু তেওঁলোকৰ সেই আশ্বাস কেৱল আশ্বাস হৈয়ে থাকিল। মুখ্যমন্ত্ৰী একনাথ চিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে মঙলবাৰে কৃষকসকলক আলোচনাৰ বাবে মাতিছিল, কিন্তু তেওঁলোকে পূৰ্বৰ অভিজ্ঞতাৰ কথা দোহাৰি ইয়াক উপেক্ষা কৰে।

পুনৰ আৰম্ভ কৃষক বিদ্ৰোহ ! হাজাৰ হাজাৰ কৃষকৰ মায়া নগৰীলৈ প্ৰতিবাদী সমদল...
অস্ত্ৰৰ ৰাগিত মাতাল উত্তৰ কোৰিয়া ! পুৱাই বেলিষ্টিক মিছাইল উৎক্ষেপণ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in