মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠানত অঘটন, হিটষ্ট্ৰ'কত মৃত্যু ১১ জনকৈ লোকৰ

মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠানত অঘটন, হিটষ্ট্ৰ'কত মৃত্যু ১১ জনকৈ লোকৰ

ডিজিটেল ডেস্ক : দিনক দিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ । এপ্ৰিল মাহতেই ৩৭-৩৮ ডিগ্ৰী স্পৰ্শ কৰিছে তাপমানে । ৰবিবাৰে এই গৰমৰ বাবেই মহাৰাষ্ট্ৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ নাৱি মুম্বাই এলেকাত দেওবাৰে অনুষ্ঠিত কৰা হৈছিল মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠান । চলিত বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল খ্যাতনামা সমাজ সেৱক দত্তত্ৰেয় নাৰায়ণ ধৰ্মধিকাৰীক, যি সমগ্ৰ মহাৰাষ্ট্ৰত আপ্পাচাহেব ধৰ্মধিকাৰী নামেৰেও পৰিচিত ।

আপ্পাচাহেবৰ বাবে স্বত:স্ফূৰ্তভাৱে হিলদোল ভাঙি লোক উপস্থিত হৈছিল নাৱি মুম্বাইৰ অনুষ্ঠানটিত । নাৱি মুম্বাইৰ খাড়ঘৰৰ কৰ্পৰে'ট পাৰ্কত অনুষ্ঠিত এই অনুষ্ঠানটিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শ্বিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিচ ।

দুৰ্ভাগ্যবশত: এনে এক সুন্দৰ অনুষ্ঠানটিৰ মাজত বৰ্ধিত গৰমৰ বাবে প্ৰায় ৬০০ গৰাকীৰো অধিক লোক ঘটনাস্থলীতেই সংজ্ঞাহীন হৈ পৰে । বিৰ দি বাট নোপোৱা অনুষ্ঠানটিৰ মাজতেই এই সকল লোকক ততাতীয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাৰ চেষ্টা চলোৱা হয় যদিও ইয়াৰ ১১ গৰাকী লোকৰ মৃত্যু ঘটে ।

আনহাতে ৫০ গৰাকীৰো অধিক লোকৰ অৱস্থা বৰ্তমানো গুৰুতৰ । মুখ্যমন্ত্ৰী একনাথ শ্বিন্দেই চিকিৎসাধীন লোকসকলৰ সকলো ধৰণৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি জনোৱাৰ লগতে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা আগবঢ়াই ।

দেশত দিনে দিনে বাঢ়ি অহা তাপমান এক সংকটলৈ পৰিৱৰ্তন হওতে বৰ বেছি সময়ৰ যে প্ৰয়োজন নহ'ব সেই কথা সকলোৱে বুজি উঠা উচিত । গুৱাহাটী মহানগৰীতো শেহতীয়াকৈ তাপমান বৃদ্ধি হোৱা দেখা গৈছে । বৰষুণৰ মাত্ৰাও দিনক দিনে হ্ৰাস পাই অহা দেখা গৈছে । তেনেস্থলত এনে এক দুৰ্ভগীয়া পৰিৱেশৰ যেন সন্মুখীন নহওক অসমবাসী ।

মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠানত অঘটন, হিটষ্ট্ৰ'কত মৃত্যু ১১ জনকৈ লোকৰ
ব্যতিক্ৰমী পৰম্পৰাৰে বিহু উদযাপন মথুৰাপুৰত, বয়োজ্যেষ্ঠক বস্ত্ৰ প্ৰদানেৰে আশীষ গ্ৰহণ মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in