ব্যতিক্ৰমী পৰম্পৰাৰে বিহু উদযাপন মথুৰাপুৰত, বয়োজ্যেষ্ঠক বস্ত্ৰ প্ৰদানেৰে আশীষ গ্ৰহণ মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ

ব্যতিক্ৰমী পৰম্পৰাৰে বিহু উদযাপন মথুৰাপুৰত, বয়োজ্যেষ্ঠক বস্ত্ৰ প্ৰদানেৰে আশীষ গ্ৰহণ মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ

ডিজিটেল সংবাদ, মথুৰাপুৰ : ৰাজ্যৰ চৌদিশে ৰঙালীৰ ৰঙত উখল মাখল পৰিবেশ সময়তে অসমীয়া বাপোতিসাহোন ৰঙালী বিহুৰ উপলক্ষত দেওবাৰে চৰাইদেউ জিলাৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপে ব্যতিক্ৰমী ভাৱে বিহু উদযাপন কৰে ৷

ৰঙালী বিহুৰ উপলক্ষে স্বেচ্ছাসেৱী সংগঠনটোৱে সমাজত নিস্পেষিত পুত্ৰ- কন্যাৰ পৰা লাঞ্ছিত হোৱা ককা-আইতা সকলৰ মুখত হাঁহি বিৰিঙি উঠাৰ উদ্দেশ্যৰে মথুৰাপুৰ মাজগাঁওস্হিত বয়োজ্যেষ্ঠ আশ্ৰমৰ এক বস্ত্ৰ বিতৰণ স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মকৰ্তা সকলে আশ্ৰমখনত আশ্ৰয় লৈ থকা একৈশ গৰাকী ককা- আইতাসকলৰ মাজত একোখনকৈ বিহুৱান,চাৰ্ট আৰু চাদৰ বিতৰণ কৰি আশীষ গ্ৰহণ কৰে ৷

এই কাৰ্যসূচীত গ্ৰুপটোৰ উপদেষ্টা যুগল বৰগোহাঁই,ৰাধু চৌধুৰী সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই, বাসুদেৱ কুমাৰ, পূৰ্ণজিত ফুকন, কেশৱ বৰফুকন আৰু সংবাদকৰ্মী বিতু কোঁৱৰ উপস্থিত থাকি সহযোগিতা আগবঢ়াই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in