চাফাই কৰ্মীৰ নামত মাফিয়া আতিকে কিনিছিল কোটিটকাৰ ভূমি...

চাফাই কৰ্মীৰ নামত মাফিয়া আতিকে কিনিছিল কোটিটকাৰ ভূমি...
চাফাই কৰ্মীৰ নামত মাফিয়া আতিকে কিনিছিল কোটিটকাৰ ভূমি...

ডিজিটেল ডেস্কঃ ৰাজনৈতিক নেতা তথা মাফিয়া আতিক আহমেদৰ বেআইনী সম্পত্তিত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি মাফিয়া ভাতৃদ্বয়ে এজন চাফাই কৰ্মীৰ নামৰ সহায় লৈ কোটি টকাৰ ভূমি ক্ৰয় কৰিছিল। চাফাই কৰ্মীজনে আৰক্ষীক প্ৰদান কৰা তথ্যৰ ভিত্তিত প্ৰয়াগৰাজস্থিত অটুৰসুইয়া থানাত আতিক আহমেদৰ হৈ কাম কৰা ৪জন লোকৰ লগতে অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

গংগানগৰস্থিত নবাৰগঞ্জ থানাৰ কোৰেলী নিবাসী শ্যাম জী সৰোজ নামৰ লোকজনে আৰক্ষীক নিজকে অশিক্ষিত বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, বিগত ১৫ বছৰে কোৰেলীৰ নিবাসী জাৱেদ খান, কামৰান আহমেদ খান আৰু ফৰাজ আহমেদ খানৰ অধীনত তেওঁ চাফাই কৰ্মী হিচাপে কাম কৰি আহিছে। লোক কেইজনে মাফিয়া ভাতৃদ্বয়ৰ ভাবুকি দি জিলাখনৰ বহু ঠাইত বলপূৰ্বকভাৱে তেওঁৰ নামত ভূমি পঞ্জীয়ন কৰিছিল। এই ঘটনাৰ সৈতে উল্লেখিত ৩ জন লোকৰ সৈতে এজন অন্য লোকো জৰিত আছিল।

শ্যাম জী সৰোজে আৰক্ষীক জনাই যে, এই সমগ্ৰ কাণ্ড সংঘটিত হোৱাৰ সময়ত চাৰিওজনে তেওঁক অপহৰণ কৰি চক অঞ্চলৰ এখন হোটেলত বলপূৰ্বকভাৱে আৱদ্ধ কৰি ৰাখিছিল। তাৰ পৰা উলিয়াই আনি তেওঁক বেংকলৈ লৈ গৈ বলপূৰ্বকভাৱে কিছুমান কাগজ-পত্ৰত চহী কৰাইছিল। তেওঁৰ আধাৰ কাৰ্ড,পেন কাৰ্ড আৰু বেংকৰ কাগজো লোক কেইজনে হাত কৰা বুলি আৰক্ষীক জানিবলৈ দিয়ে।

ইয়াৰোপৰি আতিক আৰু আশ্ৰাফৰ মৃত্যুৰ পিছত জাৱেদ, কামৰান,ফৰাজ আৰু মাফিয়াৰ বিশেষ মানুহ বুলি দাবী কৰা একাংশ অচিনাকি ব্যক্তিয়ে তেওঁক অপহৰণ কৰি হোটেলৰ কোঠাত আৱদ্ধ কৰি মাৰপিট কৰিছিল। মাফিয়া ভাতৃদ্বয়ৰ বেআইনী সম্পত্তি বিক্ৰী কৰিবলৈয়ো হেচা প্ৰয়োগ কৰিছিল।

উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযান অব্য়াহত ৰাখিছে বুলি উপ-আৰক্ষী আয়ুক্ত দিপক ভুকৰে জানিবলৈ দিয়ে । উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ১৫ এপ্ৰিলত প্ৰয়াগৰাজত ৩ জন লোকে দুই মাফিয়া ভাতৃ আতিক আহমেদ আৰু আশ্ৰফক গুলিয়াই হত্যা কৰিছিল।

চাফাই কৰ্মীৰ নামত মাফিয়া আতিকে কিনিছিল কোটিটকাৰ ভূমি...
মাজবাটত জব্দ অবৈধ কাঠ ভৰ্তি ট্ৰেক্টৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in