/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b5578c4f-a756-49a6-ba57-4b055495c732/2.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰিৰ মাজবাট আঞ্চলিক বন বিভাগে এক অভিযান চলাই বৃহৎ সংখ্যক অবৈধ কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰে। শুক্ৰবাৰে নিশা এক গোপন তথ্যৰ ভিত্তিত মাজবাট আঞ্চলিক বন সংমণ্ডলৰ বিট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত চলোৱা অভিযানত ২.৫ছেমি কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।
অৰুণাচলৰ পৰা ট্ৰেক্টৰেৰে চোৰাংকৈ সৰবৰাহ কৰি থকা অৱস্থাতে বন কৰ্মীৰ দলে এই মূল্যৱান পাহাৰীয়া কাঠখিনি জব্দ কৰে । জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য ৫/৬ লাখ টকা হ'ব বুলি অনুমান কৰিছে বন বিভাগে ।
Also Read: ৰাষ্ট্ৰীয় জু-জিৎসু চেম্পিয়নশ্বিপত উজলিল নগাঁৱৰ ৫গৰাকী