চাকৰিৰ প্ৰলোভনেৰে চিকিৎসকক ধৰ্ষণ নাৰ্ছৰ, কৰিলে নগ্ন ফটো ভাইৰেল

নগ্ন ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দি যৌন নিৰ্যাতন চলাই গৈছিল। কিছুদিন পাছতেই নিশাম বাবুয়ে মহিলা গৰাকীৰ ফটো ভাইৰেল কৰিছিল ছচিয়েল মিডিয়াত।

author-image
Asomiya Pratidin
New Update
কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬৫ বছৰ বয়সীয়া বৃদ্ধ...

ডিজিটেল ডেস্ক: মহিলা চিকিৎসকক ধৰ্ষণ কৰা অভিযোগত গ্ৰেপ্তাৰ এজন নাৰ্ছ। ধৰ্ষণৰ লগতে নগ্ন ফটো ভাইৰেলৰ অভিযোগত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেুপ্তাৰ কৰে ২৪ বছৰীয়া যুৱকজনক।

Advertisment

ঘটনাটো কৰ্ণাটকত সংঘটিত হৈছিল যোৱা বৰ্ষৰ ডিচেম্বৰ মাহচ। দুয়ো একেখন চিকিৎসালয়ত কৰ্মৰত অৱস্থাত আছিল।

জানিব পৰা মতে ত্ৰিচুৰ জিলাৰ বাসিন্দা নিশাম বাবুয়ে ২৮ বছৰীয়া চিকিৎসক গৰাকীক নতুন চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰিছিল। চিকিৎসক গৰাকীক এখন হোটেলত ধৰ্ষণ কৰিছিল আৰু অভিযুক্তই নগ্ন ফটো তুলিছিল।

তাৰ পিছত নাৰ্চ জনে নগ্ন ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দি যৌন নিৰ্যাতন চলাই গৈছিল। কিছুদিন পাছতেই নিশাম বাবুয়ে মহিলা গৰাকীৰ ফটো ভাইৰেল কৰিছিল ছচিয়েল মিডিয়াত। আৰক্ষীয়ে নাৰ্চ জনক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Also Read: ''সত্যৰ জয় হ'ব'' উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আদৰণি গৌতম আদানীৰ

crime