/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c5930943-3293-41c1-bec8-61168211856a/adani_27.jpg)
বিশ্ব নহয়, এছিয়াৰ ধনী ব্যক্তিৰ তালিকাৰ পৰাও নাম বাহিৰ হ'ব পাৰে আদানীৰ
ডিজিটেল ডেস্ক: হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছতেই উদ্যোগপতি গৌতম আদানীৰ বেয়া দিন আৰম্ভ হৈছিল। ইয়াৰ পাছতেই দেশত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰকো কটাক্ষ কৰিছিল। এই সন্দৰ্ভত তদন্ত কৰাৰ দাবী কৰিছিল একাংশই।
এই প্ৰতিবেদনৰ পাছত যি বিতৰ্ক আৰম্ভ হৈছে সেয়া তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়লয়ে এক বিশেষ কমিটি গঠন কৰি দিছে । লগতে ২ মাহৰ ভিতৰত ৰিপোৰ্ট জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে গৌতম আদানীয়ে।
এই কমিটি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অভয় মনোহৰ চাপ্ৰেৰ নেতৃত্বত ছয় জনীয়া বিশেষজ্ঞৰ দ্বাৰা গঠন হৈছে । উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত গৌতম আদানীয়ে টুইট কৰি লিখিছে যে "আদানি গ্ৰুপে উচ্চতম ন্যায়ালয়ৰ আদেশক স্বাগতম জনাইছে। সত্যৰ জয় হ'ব''।
উল্লেখ্য যে, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছতেই আদানী গ্ৰুপৰ বিভিন্ন শ্বেয়াৰৰ মূ্ল্য হ্ৰাস পাইছিল। দেশৰ দুটা জনপ্ৰিয় প্ৰতিষ্ঠান এছ বি আই আৰু এল আই চিৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। কিয়নো এল আই চি আৰু এছ বি আইয়ে বহু টকা বিনিয়োগ কৰিছিল আদানী গ্ৰুপত।
The Adani Group welcomes the order of the Hon'ble Supreme Court. It will bring finality in a time bound manner. Truth will prevail.
— Gautam Adani (@gautam_adani) March 2, 2023