নগাঁও প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

নগাঁও প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা প্ৰশাসন, জনসংযোগ বিভাগ আৰু নগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আজি নগাঁও প্ৰেছ ক্লাবৰ ড০ আবু হানিফা সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে নগাঁও প্ৰেছ ক্লাবৰ উপদেষ্টা শৈলেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।

জিলা আয়ুক্ত শ্বাহে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে নগাঁৱৰ সংবাদ কৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰি এখন সুস্থ সমাজ অথবা ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে বুলি উল্লেখ কৰে। লগতে কয় যে,বাতৰি পৰিবেশনৰ ক্ষেত্ৰত সংবাদ মাধ্যম সচেতন আৰু স্পষ্ট হোৱা দৰকাৰ ।

আনহাতে কৃত্ৰিম বুদ্ধিমত্তাৰ যোগাত্মক আৰু ঋণাত্মক দুয়োটা দিশ আছে বুলি উল্লেখ কৰি জিলা আয়ুক্ত গৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ ঋণাত্মক অগ্ৰগতি সমাজৰ লগতে সংবাদ মাধ্যমৰ বাবেও প্ৰত্যহ্বান হৈ পৰিব পাৰে। তৎসত্বেও মানুহৰ চিন্তা কৰিব পৰা ক্ষমতা সদায় থাকিব ।

সেয়ে এক নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ দ্বাৰা এই জটিলতাসমূহ প্ৰতিহত কৰাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। সভাত নগাঁও চহৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্যিক ডঃ সদানন্দ পায়েঙে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয় বস্তুৰ ওপৰত আলোকপাত কৰি কয় যে কৃত্ৰিম বুদ্ধিমত্তাই সমগ্ৰ বিশ্বতে আক্রামণাত্মক ৰূপ লৈছে।

প্ৰায় সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাই আধিপত্য বিস্তাৰ কৰা দেখা যায় । সেয়ে কৃত্ৰিম বুদ্ধিমত্তা মানৱ সমাজৰ বাবে প্ৰত্যাহ্ব্যান স্বৰূপ হৈ পৰিছে । আনহাতে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই বিশেষ আধিপত্য বিস্তাৰ কৰিব নোৱাৰে বুলিও অধ্যক্ষ ড০ পায়েঙে মত পোষণ কৰে ।

সৃষ্টিশীল কৰ্মত লাগি থকা লেখক-সাংবাদিকসকলে হাজাৰ প্ৰত্যাহ্বানক নেওচি কৃত্ৰিম বুদ্ধিমত্তাৰ ঋণাত্মক প্ৰভাৱক প্ৰতিহত কৰিব লাগিব বুলিও ড০ পায়েঙে মত পোষণ কৰে । সভাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ সমান্তৰালকৈ সমাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাই অহা বুলি মন্তব্য কৰি সাংবাদিক সকলক সঠিকভাৱে বাতৰি পৰিবেশনৰ বাবে আহ্বান জনায় ।

নগাঁও প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক ভাস্কৰজ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক জিতেন বৰকটকীয়ে। সভাত নগাঁও প্ৰেছ ক্লাবৰ উপ সভাপতি চফিকুৰ ৰহমানে চমু ভাষণ প্ৰদান কৰে ।

সভাত কলংপাৰ কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট লেখক গুৰমাইল সিং,অজয় মাহাতু, মুৰুলী বৰুৱা, বৈদ্যনাথ চাহানী,জে পি সিংকে প্ৰমুখ্য কৰি ভালেসংখ্যক সংবাদ কৰ্মী, গৰিয়ামৰীয়া জাতীয় পৰিষদ,বীৰ লাচিত সেনা, নগাঁও জিলা ছাত্ৰ সন্থা, অসম ছাত্ৰ পৰিষদকে ধৰি ভালেসংখ্যক সংগঠনৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে । জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ শলাগৰ শৰাই আগবঢ়ায় ।

নগাঁও প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
কামাখ্যা মন্দিৰ চৌহদৰ VIP পাৰ্কিঙৰ সমীপত অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in