যুৱতীক দলবদ্ধ ধৰ্ষণ বিজেপি নেতাৰ পুত্ৰসহ আন ৩ জনৰ! ভুক্তভোগীৰ আত্মহত্যাৰ চেষ্টা

বিজেপি নেতাৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ। মধ্যপ্ৰদেশৰ দাতিয়া জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা।

author-image
Asomiya Pratidin
New Update
যুৱতীক দলবদ্ধ ধৰ্ষণ বিজেপি নেতাৰ পুত্ৰসহ আন ৩ জনৰ! ভুক্তভোগীৰ আত্মহত্যাৰ চেষ্টা

ডিজিটেল ডেস্কঃ বিজেপি নেতাৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ। মধ্যপ্ৰদেশৰ দাতিয়া জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি মধ্যপ্ৰদেশৰ বিজেপি নেতাৰ পুত্ৰৰ লগতে ৪ গৰাকী অভিযুক্তই এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে তেওঁৰ ভগ্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। দুয়োৰে বয়স ১৯ ৰু ১৭ বছৰ বুলি জানিব পৰা গৈছে।

Advertisment

 ১৪ জুলাইত সংঘটিত হয় এই ঘটনা। একাংশ স্থানীয়লোকে থানা ঘেৰাও কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় ২জন অভিযুক্তক। আৰক্ষীয়ে মুখ্য অভিযুক্তজনক বিজেপিৰ উন্নাও মণ্ডলৰ সভাপতি কিষাণ ৰায়ৰ পুত্ৰ ধ্ৰুৱ ৰায় বুলি চিনাক্ত কৰিছে। আন তিনিজন অভিযুক্ত তেওঁৰ বন্ধু। ধ্ৰুৱ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে।

আৰক্ষীয়ে জনোৱা মতে ভুক্তভোগীৰ এগৰাকীয়ে আত্মহত্যাৰো চেষ্টা চলাইছিল যদিও ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

ভুক্তভোগীয়ে এজাহাৰত দাখিল কৰা অনুসৰি তেওঁ আৰু তেওঁৰ ভগ্নীক বিদ্যালয়ৰ পৰা আহি থাকোতে চাৰিজন ব্যক্তিয়ে অপহৰণ কৰিছিল। অভিযুক্তজনে তেওঁলোকক এটা ঘৰলৈ লৈ গৈছিল, য'ত তেওঁলোকে ধৰ্ষণকাণ্ড সংঘটিত কৰিছিল।

উল্লেখ্য যে, এই ঘটনাৰ লগত জড়িত দুই অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে আৰক্ষীয়ে পলাতক অভিযুক্তৰ ওপৰত পুৰস্কাৰো ঘোষণা কৰিছে।

Also Read: দাম হ্ৰাস বিলাহীৰ! চৰকাৰে নিৰ্ধাৰিত কৰিলে মূল্য...

crime