দাম হ্ৰাস বিলাহীৰ! চৰকাৰে নিৰ্ধাৰিত কৰিলে মূল্য...

সমগ্ৰ দেশতে বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য। বিশেষকৈ বিলাহীৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰিছে জনতাক।

author-image
Asomiya Pratidin
New Update
বিলাহীৰ মূল্যবৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৰ পৰীক্ষাৰ পদক্ষেপ, দাম কম হোৱাৰ সম্ভাৱণা

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য। বিশেষকৈ বিলাহীৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰিছে জনতাক। বিশেষকৈ সাধাৰণ জনতাই যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে।

Advertisment

এনে পৰিস্থিতিত চৰকাৰে সাধাৰণ মানুহক সকাহ দিবলৈ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। খাদ্য মন্ত্ৰালয়ৰ উপভোক্তা পৰিক্ৰমা বিভাগে বিলাহী প্ৰতি কিলোগ্ৰামত ৯০ টকা ৰাজ সাহায্যযুক্ত হাৰত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰৰ এই হস্তক্ষেপৰ ফলত বিলাহীৰ পাইকাৰী মূল্য হ্ৰাস পাইছে।

আজিৰ পৰা অৰ্থাৎ ১৬ জুলাই, ২০২৩ ৰ দেওবাৰৰ পৰা প্ৰতি কিলোগ্ৰামত ৮০ টকাকৈ বিলাহী বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।

দিল্লী, নয়ডা, লক্ষ্ণৌ, কানপুৰ, বাৰনাসী আদিত আজি নিৰ্ধাৰিত কৰা মূল্যত  বিক্ৰী আৰম্ভ হৈছে। পৰৱৰ্তী সময়ত ই অন্য চহৰলৈ সম্প্ৰসাৰিত হ'ব। গতিকে অন্য চহৰ সমূহতো এতিয়া বিলাহীৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱণা আছে।

Also Read: কাজিৰঙা পৰ্যটনত সংযোজিত হ'ব আকৰ্ষণীয় ভিনটেজ কাৰ ছাফাৰী

tamato