মধ্যপ্ৰদেশ নিজৰ কৰি ৰাখিব লাগে বিজেপিকঃ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীলৈও বিধানসভাৰ টিকত...

মধ্যপ্ৰদেশ নিজৰ কৰি ৰাখিব লাগে বিজেপিকঃ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীলৈও বিধানসভাৰ টিকত...

author-image
Asomiya Pratidin
New Update
মধ্যপ্ৰদেশ নিজৰ কৰি ৰাখিব লাগে বিজেপিকঃ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীলৈও বিধানসভাৰ টিকত...

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে ঘোষণা কৰিলে দলটোৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। এই তালিকাত মুঠ ৩৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে।

Advertisment

এই তালিকাত আছে মুঠ ৩ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৭ গৰাকী সাংদ। সকলোকে আশ্চৰ্য কৰি এই তালিকাত সন্নিৱিষ্ট কৰা ৩ গৰাকী কেন্দ্ৰীয়মন্ত্ৰীৰ ভিতৰত আছে এগৰাকী কেবিনেট পৰ্যায়ক মন্ত্ৰী।

সেই অনুসৰি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক ডিমনি বিধানসভা সমষ্টিত, প্ৰহ্লাদ পেটেলক নৰসিংহপুৰ আৰু নিৱাসত ফাগ্গান সিং কুলাষ্টেক বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। একেদৰে বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়াক ১ নং ইন্দোৰ বিধানসভাৰ পৰা টিকট দিয়া হৈছে।

বিজেপিয়ে ১৭ আগষ্টত প্ৰকাশ কৰা কৰিছিল ৰাজ্যখনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা। ইফালে বিধানসভা নিৰ্বাচনত টিকত লাভ কৰা আন আন সাংসদ কেইগৰাকী ক্ৰমে- ৰাকেশ সিং, গণেশ সিং, ৰীতি পাঠক আৰু উদয় প্ৰতাপ সিং।

লক্ষ্যণীয় বিষয়টো হ'ল বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থী তালিকাত যি ৩৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে তাৰ ৩৬ টা সমষ্টিতে ২০১৮ ৰ নিৰ্বাচনত বিজেপি পৰাস্ত হৈছিল। মাত্ৰ ৩ টা সমষ্টিহে বিজেপিৰ দখলত আছে।

উল্লেখ্য, যি ৩ টা সমষ্টি বিজেপিৰ দখলত আছিল সেই ৩ টা সমষ্টিতে আকৌ বিজেপিয়ে তিনিওগৰাকী বিধায়ককে টিকট দিয়াৰ পৰা বিৰত আছে। মেহৰ সমষ্টিত নাৰায়ণ ত্ৰিপাঠী, চিধিত কেদাৰনাথ শুক্লা আৰু নৰসিংহপুৰত জালাম সিং পেটেল বিধায়ক হিচাপে আছিল।

এইবাৰ মেহৰ সমষ্টিত নাৰায়ণ ত্ৰিপাঠীৰ স্থানত শ্ৰীকান্ত চতুৰ্বেদীক, চিধি বিধানসভা সমষ্টিত কেদাৰনাথ শুক্লাক আঁতৰাই সাংসদ ৰীতি পাঠকক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। এই কেদাৰনাথ শুক্ল শেহতীয়াকৈ কংগ্ৰেছ আৰু বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল।

তেওঁক লৈ মধ্যপ্ৰদেশত বেক ফুটত পৰিছে বিজেপি।মধ্যপ্ৰদেশৰ চাঞ্চল্যকৰ প্ৰসাৱ কাণ্ডৰ সৈতে এইগৰাকী বিধায়কৰ নাম সাঙোৰ খাই পৰিছিল। মধ্যপ্ৰদেশৰ প্ৰসাৱ কাণ্ডত জড়িত ব্যক্তিগৰাকী এই বিধায়কগৰাকীৰ সম্পৰ্কীয়। সেয়ে তেওঁক বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পৰা বিৰত থাকি ৰাজ্যখনত হেৰুৱা জনপ্ৰিয়তা পুনৰুদ্ধাৰৰ চেষ্টা কৰিছে বুলি চৰ্চা চলিছে।

Also Read: 'সেউজীয়া উপত্যকা'ৰ কবি নিবেদিতা বড়া সন্দিকৈৰ কাব্যগ্ৰন্থ উন্মোচন

বিজেপি মধ্যপ্ৰদেশ