'সেউজীয়া উপত্যকা'ৰ কবি নিবেদিতা বড়া সন্দিকৈৰ কাব্যগ্ৰন্থ উন্মোচন

'সেউজীয়া উপত্যকা'ৰ কবি নিবেদিতা বড়া সন্দিকৈৰ কাব্যগ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
'সেউজীয়া উপত্যকা'ৰ কবি নিবেদিতা বড়া সন্দিকৈৰ কাব্যগ্ৰন্থ উন্মোচন

'সেউজীয়া উপত্যকা'ৰ কবি নিবেদিতা বড়া সন্দিকৈৰ কাব্যগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতি আৰু ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত ধেমাজি খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ সভাকক্ষত সোমবাৰে নিবেদিতা বড়া সন্দিকৈৰ দ্বিতীয়খন গ্ৰন্থ “ মই নিবেদিতাই কৈছোঁ ” উন্মোচন কৰে ধেমাজি কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কণ্ঠ শিল্পী ড° বনজিৎ ভট্টই ৷ ইয়াৰ আগে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ধেমাজি ছোৱালী উচ্চতৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা ৰাষ্ট্ৰীয় কৃতী শিক্ষক বটাঁ প্ৰাপক বিনীতা গাৰোধীয়া চৌধুৰীয়ে ৷

Advertisment

ধেমাজি মহিলা সাংস্কৃতিক গোষ্ঠীৰ সমবেত সংগীত পৰিৱেশনৰ পিছতেই গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ মৰিঢল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত আইদেউ সন্দিকৈ বটাঁ প্ৰাপক লোকশ্ৰী বিমলা গগৈ গোহাইঁ, ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা বিশিষ্ট কবি নবীন কামান, ধেমাজি জিলা ছাত্ৰ সন্হাৰ উপদেষ্টা দিপক শৰ্মা, সদৌ তাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট লেখক তিলেন গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অমিয়া তামুলী বৰুৱা, ঘিলামৰা নৰ্থবেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা বিশিষ্ট লেখিকা গায়ত্ৰী দলেয়ে বক্তব্য আগবঢ়াই ৷

সভাত ড° শংকৰ পাটোৱাৰী, ড° বনজিৎ ভট্ট, তনুজা পেগুৰ গীতৰ শৰাই আৰু বিনয় কৃষ্ণ তামুলী ফুকন,প্ৰনতি দেৱী, ভাৰতী বসুমতাৰী, নিবেদিতা বড়া সন্দিকৈ আৰু বৰদলনি শাখা কবি সন্মিলনৰ সভাপতিয়ে কৰা কবিতা আবৃত্তিয়ে অনুষ্ঠানটো জীপাল কৰি তোলে।গ্ৰন্থ উন্মোচনীৰ সভাৰ পিছতেই অন্তৰংগ আলাপ অনুষ্ঠানটি অনুষ্ঠিত হয়৷

মৰিঢল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা বিশিষ্ট কবি ড° জোনালী বৰুৱাৰ সভানেত্ৰীত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰুক্মিণী বৰগোহাঁই, ধেমাজি জিলা কবি সন্মিলনৰ সভানেত্ৰী বন্দনা দত্ত হাজৰিকা, সম্পাদিকা জোনমনি হাজৰিকা, সহকাৰী সম্পাদক হেমচন্দ্ৰ কছাৰী,জুনুকা বৰঠাকুৰ, ইন্দ্ৰনিভা বৰা ,মৃদুলা ফুকন, যশস্বী সন্দিকৈ, কুঞ্জ বৰা,গুণলতা ফুকন, কৰবী দেউৰী, বিনীতা গাৰোদিয়া চৌধুৰী ইত্যাদি বিশিষ্ট ব্যক্তিসকলে গীত কবিতা অনুভৱৰ প্ৰকাশেৰে অনুষ্ঠানটি সফল কৰি তোলে ৷শেষত কবি নিবেদিতা বড়া সন্দিকৈৰ ওপজা দিনৰ উপলক্ষে সভাত উপস্থিত সকলোৱে ওপজা দিনৰ ওলগ আৰু সম্বধৰ্না জনায় ৷

Also Read: নেফিটৰ চতুৰ্থ এছিয়ান কেৰা ৰেলীঃ ভূটান, নেপাল, বাংলাদেশক সামৰি BIBN FRIENDSHIP CAR RALLY-2023

গ্ৰন্থ উন্মোচন কাব্যগ্ৰন্থ