শ্ৰমিকৰ মুখত প্ৰস্ৰাৱ কৰা যুৱকৰ ঘৰত চলিল প্ৰশাসনৰ বুলড'জাৰ

মধ্যপ্ৰদেশত সংঘটিত হোৱা এক জঘন্য ঘটনাই জোকাৰি গৈছে ৰাজ্য। মঙলবাৰে ভাইৰেল হৈছিল এক ভিডিঅ'।

author-image
Asomiya Pratidin
New Update
শ্ৰমিকৰ মুখত প্ৰস্ৰাৱ কৰা যুৱকৰ ঘৰত চলিল প্ৰশাসনৰ বুলড'জাৰ

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত সংঘটিত হোৱা এক জঘন্য ঘটনাই জোকাৰি গৈছে ৰাজ্য। মঙলবাৰে ভাইৰেল হৈছিল এক ভিডিঅ'। মধ্যপ্ৰদেশত চিধি জিলাত সংঘটিত হৈছিল এই ঘটনা। য'ত দেখিবলৈ পোৱা গৈছিল যে প্ৰবেশ শুক্লা নামৰ লোকজনে এজন শ্ৰমিকৰ মুখত প্ৰস্ৰাৱ কৰিছিল। এই ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে ঘটনা তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহেনে।

ইয়াৰ পাছতে বুধবাৰে শুক্লাৰ ঘৰত চলে প্ৰশাসনৰ বুলডজাৰ। জানিব পৰা মতে শুক্লাই অবৈধভাৱে দখল কৰি আছিল এই সম্পত্তি। এই সম্পত্তিসমূহ ভাঙি পেলাই প্ৰশাসনে। শুক্লা বিজেপিৰ এগৰাকী কৰ্মকৰ্তা। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে প্ৰবেশ শুক্লাক। আৰু কোনো পধ্যেই তেওঁক এৰি দিয়া নহ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰাজ্যখনৰ শাসক, বিৰোধী প্ৰতিটো দলেই এই ঘটনা নিন্দনীয় আখ্যা দিছে। প্ৰস্ৰাৱ কাণ্ডৰ বাবে প্ৰবেশ শুক্লাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত তদন্ত কৰি থকা হৈছে। ইয়াৰোপৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ধাৰা ২৯৪, ৫০৪ আৰু অনুসূচিত জাতি-জনজাতিৰ অধিনিয়মৰ নিয়ম অনুসৰি গোচৰ ৰুজু কৰা হৈছে।


madhya pradesh