অসম আৰক্ষীত ব্যাপক ৰদবদল, কেইবাজনো বিষয়াক দিলে নতুন দায়িত্ব

অসম আৰক্ষীত ব্যাপক ৰদবদল। বিভিন্ন জিলাৰ আৰক্ষী বিষয়াক ৰদ বদল কৰা হয়।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীত ব্যাপক ৰদবদল, কেইবাজনো  বিষয়াক দিলে নতুন দায়িত্ব

আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদলঃ হৰমিট সিঙক বিশেষ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি...

ডিজিটেল ডেস্কঃ অসম আৰক্ষীত ব্যাপক ৰদবদল। বিভিন্ন জিলাৰ আৰক্ষী বিষয়াক ৰদ বদল কৰা হয়। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

Advertisment
  • লখিমপুৰৰ ডিএছপি (Dy.SP) (সীমান্ত) নন্দন শৰ্মাক বদলি।

  • নন্দন শৰ্মাক শোণিপুৰৰ ডিএছপি (Dy.SP)(S&I) হিচাপে বদলি।

  • এডিচিপি (Security) প্রাঞ্জল বৰাক বদলি।

  • প্রাঞ্জল বৰাক অসম বিধানসভাৰ মাৰ্চালৰ দায়িত্ব।

  • সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎ‍পল ডেকা গুৱাহাটীৰ পৰা বদলি।

  • ডিমা হাছাওৰ ডিএছপি (Dy.SP)(HQ) হিচাপে বদলি নিলোৎ‍পল ডেকাক।

  • গোলাঘাটৰ ডিএছপি(Dy.SP)(HQ) মাধুৰ্য প্রসাদ বৰুৱাক কাৰ্বি আংলঙলৈ বদলি।

  • কাৰ্বি আংলঙৰ ডিএছপি(Dy.SP)(HQ) নাহিদ কৰিস্মাক ধেমাজিৰ ডিএছপি(DSB) হিচাপে বদলি।

  • মাজুলীৰ ডিএছপি (Dy.SP)(HQ) পদ্ম কুমাৰ পেগুক গোলাঘাটৰ ডিএছপি(HQ) হিচাপে বদলি।

  • কোকৰাঝাৰ ডিএছপি (Dy.SP)(S&I) ভাস্কৰ ওজাক বদলি।

  • ভাস্কৰ ওজাক 6th APBnৰ সহ অধিনায়ক হিচাপে বদলি।

Also Read: পথৰ কাষত ৰৈ থকা কণ্টেইনাৰ বাহনত খুন্দা দুই বাইক আৰোহীৰ, থিতাতে মৃত্যু

Assam police