দলঙৰ পৰা বাগৰি পৰিল বাছ, প্ৰাণ হেৰুৱালে ১৫ জনে, আহত বহুতো...

দলঙৰ পৰা বাগৰি পৰিল বাছ, প্ৰাণ হেৰুৱালে ১৫ জনে, আহত বহুতো...

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ১৫ জন লোকে। মধ্যপ্ৰদেশৰ খৰগোনত সংঘটিত হোৱা এই ভয়ংকৰ বাছ দুুৰ্ঘটনাত একাংশই প্ৰাণ হেৰুওৱাৰ উপৰিও আহত হয় বহুতো।

মঙলাবাৰে পুৱা সংঘটিত হয় এই পথ দুৰ্ঘটনা। ইন্দোৰলৈ যোৱা দ্ৰুতবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তলত বাগৰি পৰে। ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান চলি আছে।

প্ৰাপ্ত তথ্য অনুসৰি, বাছখনত প্ৰায় ৪০ জন লোক আছিল। তেওঁলোকৰ বহুতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘটনাটোত শোক প্ৰকাশ কৰিছে আৰু ক্ষতিপূৰণ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীয়ে কৈছে যে, খাৰগোনত বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৪ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব। আনহাতে গুৰুতৰভাৱে আহতসকলক ৫০,০০০ টকা, সামান্যভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ২৫,০০০ টকা প্ৰদান কৰা হ'ব। ইয়াৰোপৰি দুৰ্ঘটনাত আহত লোকসকলক সঠিক চিকিৎসা প্ৰদান কৰিব চৰকাৰে।

দলঙৰ পৰা বাগৰি পৰিল বাছ, প্ৰাণ হেৰুৱালে ১৫ জনে, আহত বহুতো...
ঢকুৱাখনাত বন বিষয়াৰ গুণ্ডাগিৰী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in