/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4b641ff6-779d-4220-9e9b-5d877a7676aa/Dhakuakhana.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমা সদৰত অৱস্থিত খণ্ড উপ বন বিভাগৰ কাৰ্যালয়ৰ এগৰাকী উদণ্ড বন বিষয়াৰ উৰ্ধবাহু নৃত্যই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। সামাজিক আৰু চৰকাৰী দায়িত্ববোধ নুবুজা ইন্দ্ৰেশ্বৰ দাস নামৰ খণ্ড উপ বন বিষয়া গৰাকীৰ জ্ঞাত সাৰেই চকুৰ সন্মুখেৰে বনজ সম্পদৰ অহৰহ চোৰাং বেহা চলি থকাৰ পাছতো মৰ টোপনি নভগা এই গৰাকী নিষ্কর্মা বিষয়াই মঙ্গলবাৰে পুৱা ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত উন্নাসিক আচৰণ কৰাই নহয় দুখন বন বিভাগৰ যাৱতীয় নথিপত্ৰ যুক্ত বনজ সম্পদ পৰিবাহী ডাম্পাৰ অহেতুক ভাবে আটক কৰি বিভাগীয় কাৰ্যালয়লৈ নি চালক আৰু ঠিকাদাৰ সকলোকে অভব্য আচৰণ কৰি তাণ্ডৱ সৃষ্টি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/df050a12-b204-4651-8024-5e127cdb6fe2/WhatsApp_Image_2023_05_09_at_10_08_47_AM.jpeg)
এই সন্দৰ্ভত প্ৰাপ্ত অভিযোগ মতে, মঙ্গলবাৰে পুৱা প্ৰায় ৭-৩০ বজাত এ এছ ০৭ বি চি ২৮১১ আৰু এ এছ ০৭ বি চি ১৬০১ নম্বৰৰ দুখন ডাম্পাৰৰ জৰিয়তে বনজ সম্পদ মেচাৰ্ছ পূৰ্বাঞ্চল চাপ্লাই নামৰ প্ৰতিষ্ঠানটোৱে কৰ্মথলীলৈ সৰবৰাহ কৰিছিল। এনেতে ঢকুৱাখনা নগৰৰ টাউন তিনিআলিত ৰৈ থকা বন বিভাগৰ দল এটাই দুয়োখন ডাম্পাৰ ৰখাই নথিপত্ৰ বিচাৰে । চালক দুজনে মবাইলৰ বাবে "ই চালান" উলিয়াই প্রদর্শন কৰিবলৈ লোৱাৰ সময়তে ম'বাইল কাঢ়ি লৈ বন বিষয়াজনে দুয়োখন ডাম্পাৰ বন বিভাগৰ কাৰ্যালয়লৈ নিবলৈ নিৰ্দেশ দিয়ে বুলি সংবাদাতাৰ আগত ব্যক্ত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c2234f05-b03b-47a1-b5dc-d964ea943150/WhatsApp_Image_2023_05_09_at_10_07_38_AM.jpeg)
বাৰম্বাৰ বন বিষয়াক চালান থকাৰ কথা ব্যক্ত কৰাৰ পাছতো মবাইল লৈ বিভাগীয় কাৰ্যালয়লৈ গাড়ী নিয়াৰ নিৰ্দেশ দিয়াত উপায়ন্তৰ চালক দুজনে গাড়ী নি বন বিভাগৰ কাৰ্যালয়ত ৰাখে। চালক দুজনে জনোৱা মতে, ভয় ভাবুকিৰে এখন কাগজত স্বাক্ষৰ কৰাই গাড়ী এৰি নিদিয়াৰ হুমকি দিয়ে। পৰৱৰ্তী সময়ত ঠিকাদাৰ কৰ্তৃপক্ষক চালকে অৱগত কৰাত কৰ্তৃপক্ষই পুৱা প্ৰায় ৮ বজাত বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বন বিষয়া গৰাকীক ই চালানৰ কপি দেখুৱাই যদিও সেয়া মানি লোৱা নহ'ব বুলি দম্ভালি মাৰি চূড়ান্ত মাতলামী আৰু তাণ্ডৱ আৰম্ভ কৰে।
ঠিকাদাৰ কৰ্তৃপক্ষই মঙ্গলবাৰে পুৱা ৬-২৫ বজাত কটা ই চালানৰ সামগ্ৰী পুৱা ৮-৩০ বজাত বাৰম্বাৰ দেখুৱাবলৈ যত্নপৰ হয় যদিও তাক মানি নলৈ বিভিন্ন অকথ্য গালিৰে অভব্য আচৰণ কৰি বন বিষয়াজনে পৰিবেশ বিঘ্নিত কৰে। সম্প্রতি দুয়োখন ডাম্পাৰ আটক কৰি বন বিভাগৰ জিম্মাত ৰাখিছে উৰ্দ্ধত বন বিষয়া দাসে । বাহনৰ যাবতীয় নথিপত্ৰ ,বন বিভাগৰ ই চালান আৰু নিৰ্ধাৰিত আৰু বৈধ পৰিমাণৰ বনজ সম্পদ সৰবৰাহ কৰাৰ পাছতো দুখন বাহন জব্দ কৰি ৰখাৰ কাৰণ এতিয়া সহজেই অনুমেয় । ক্ষমতাৰ অপব্যৱহাৰ কৰি এগৰাকী উপ খণ্ড বন বিষয়াই কৰা এনে উদণ্ড আচৰণ আৰু নীতি বৰ্হিভূত কাণ্ডই ঢকুৱাখনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Also Read: অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'দ্য মিউজ'...