মধ্যপ্ৰদেশত ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনাঃ দুই ফৈদৰ মাজত সংঘাত....

মধ্যপ্ৰদেশত ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনাঃ দুই ফৈদৰ মাজত সংঘাত....

author-image
Asomiya Pratidin
New Update
মধ্যপ্ৰদেশত ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনাঃ দুই ফৈদৰ মাজত সংঘাত....

মধ্যপ্ৰদেশত ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনাঃ দুই ফৈদৰ মাজত সংঘাত....

ডিজিটেল ডেস্কঃ পুৱা ৭ বজাৰ পৰা মধ্যপ্ৰদেশত আৰম্ভ হৈছে ভোটগ্ৰহণ। ৰাজ্যখনৰ মুঠ ২৩০ টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণৰ মাজতে সংঘটিত হৈছে এক হিংসাত্মক ঘটনা।

Advertisment

ৰাজ্যখনৰ ডিমানি বিধানসভা সমষ্টিৰ ১৪৭ আৰু ১৪৮ নং ভোটকেন্দ্ৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা। দুই ফৈদৰ মাজত সংঘটিত হোৱা এই হিংসাত্মক ঘটনাত এটা ফৈদে আনটো ফৈদলৈ শিল দলিওৱা দেখা পোৱা গৈছে। এই ঘটনাত এজন লোক আহত হৈছে।

উল্লেখ্য যে, ৰাজ্যখনৰ ২৩০ টা বিধানসভা সমষ্টিত কংগ্ৰেছ, বিজেপি, বহুজন সমাজবাদী পাৰ্টি, আপ, চি পি আই, চি পি আই এমকে ধৰি বিভিন্ন দলে প্ৰাৰ্থি প্ৰক্ষেপ কৰিছে। টিকট বঞ্চিত একাংশই নিৰ্দলীয়ভাৱেও প্ৰতিদ্বন্দিতা কৰিছে। কংগ্ৰেছ, বিজেপি আৰু বি এছ পিয়ে ২৩০ খন আসনতে প্ৰাৰ্থি প্ৰক্ষেপ কৰিছে। এই ২৩০ টা সমষ্টিত মুঠ ২৫৩৩ গৰাকী প্ৰাৰ্থিয়ে প্ৰতিদ্বন্দিতা কৰিছে।

ইতিমধ্যে ৰাজ্যখনৰ হেভিৱেইট প্ৰাৰ্থি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ, বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আদি নেতাই ভোটাধিকাৰ সাব্যস্ত কৰিছে। ভোটগ্ৰহণৰ মাজতে আকৌ বিজয় সুনিশ্চিত কৰিবলৈ শিৱৰাজ সিং চৌহানে মন্দিৰত প্ৰাৰ্থনা কৰাও দেখা গৈছে।

উল্লেখ্য ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই শক্তিশালী স্থিতিত আছে যদিও কোনো এটা দলেই সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰিব বুলি এক সমীক্ষাত প্ৰকাশ পাইছে। অৱশ্যে চি ভোটাৰৰ সমীক্ষা অনুসৰি কংগ্ৰেছেই ৰাজ্যখনত চৰকাৰ গঠন কৰিব।

Also Read: MP Assembly Elections 2023 Live Updates: বিজেপি মন্ত্ৰীৰ মন্তব্য- আন দল জয়ী হ'লে উদযাপন হ'ব পাকিস্তানত !

মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন