MP Assembly Elections 2023 Live Updates: বিজেপি মন্ত্ৰীৰ মন্তব্য- আন দল জয়ী হ'লে উদযাপন হ'ব পাকিস্তানত !

MP Assembly Elections 2023 Live Updates: বিজেপি মন্ত্ৰীৰ মন্তব্য- আন দল জয়ী হ'লে উদযাপন হ'ব পাকিস্তানত !

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
MP Assembly Elections 2023 Live Updates: বিজেপি মন্ত্ৰীৰ মন্তব্য- আন দল জয়ী হ'লে উদযাপন হ'ব পাকিস্তানত !

MP Assembly Elections 2023 Live Updates: বিজেপি মন্ত্ৰীৰ মন্তব্য- আন দল জয়ী হ'লে উদযাপন হ'ব পাকিস্তানত !

  • Nov 17, 2023 15:58 IST

    পদুম ফুলৰ চিহ্নত ভোট দিলে উদযাপন হয় ভাৰতত, আন পাৰ্টি জয় হ'লে উদযাপন হয় পাকিস্তানত- নৰোত্তম মিশ্ৰ

    মধ্যপ্ৰদেশৰ ভোটগ্ৰহণৰ মাজতে ৰাজ্যখনৰ মন্ত্ৰী তথা বিজেপি নেতা নৰোত্তম মিশ্ৰই কয়, যেতিয়া ইভিএমত পদুম ফুলৰ চিহ্নৰ বুটাম টিপে তেতিয়া ভাৰতত উদযাপন হব। কিন্তু বেলেগ কোনোবা ৰাজনৈতিক দল বিজয়ী হয় তেন্তে উদযাপন হব পাকিস্তানত। ৰাষ্ট্ৰীয় স্বাৰ্থ মনত ৰাখি পদুম ফুলৰ চিহ্নৰ বুটাম টিপক।



  • Nov 17, 2023 15:43 IST

    বিয়লি ৩ বজালৈকে ৬০.৫২ শতাংশ ভোটাধিকাৰ সাব্যস্ত

    মধ্যপ্ৰদেশত ৩ বজালৈকে ৬০.৫২ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনৰ শ্বাজাপুৰত সৰ্বাধিক ৭০.২৭ শতাংশ আৰু নিমুচ সমষ্টিত ৬৯.৬৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। আনহাতে আলিৰাজপুৰত ৫০.৬৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।



  • Advertisment
  • Nov 17, 2023 13:58 IST

    ১ বজালৈ ৪৫ শতাংশৰো অধিক ভোটাধিকাৰ সাব্যস্ত

    নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মধ্যপ্ৰদেশত দিনৰ ১ বজালৈকে ৪৫.৪০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনত বালাঘাটত সৰ্বাধিক ৫৪.৪৭ শতাংশ আৰু শ্বাজাপুৰত ৫৪.২৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ইয়াৰ বিপৰীতে ভূপালত সৰ্বনিম্ন ৩২.৮৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।



  • Nov 17, 2023 13:33 IST

    ১৬০ খন আসন লাভ কৰাৰ দাবী কংগ্ৰেছৰ

    ২৩০ খন আসনৰ মধ্যপ্ৰদেশ বিধানসভাৰ ১৬০ খন আসনেই কংগ্ৰেছে দখল কৰিব বুলি দাবী কৰিলে মধ্যপ্ৰদেশৰ কংগ্ৰেছ প্ৰাৰ্থি সঞ্জয় শুক্লাই। তেওঁ ভোটদান কৰি ওলাই আহি সংবাদ মাধ্যমৰ আগত এই দাবী কৰিছে। তেওঁ কয়, মধ্যপ্ৰদেশৰ পৰিৱেশ কংগ্ৰেছৰ অনুকুলত আছে। জনতাই ১৮ বছৰীয়া বিজেপিৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰ দেখিছে। এইবাৰ কমল নাথৰ নেতৃত্বক কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। আমি অন্ততঃ ১৬০ খন আসন লাভ কৰিম।



  • Nov 17, 2023 13:04 IST

    মেহগাওঁ বিধাসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থিলৈ শিলগুটি নিক্ষেপ

    মেহগাঁও বিধানসভা সমষ্টিৰ মান্ধাদ গাঁৱৰ ভোটকেন্দ্ৰৰ বাহিৰত সংঘটিত হোৱা শিলগুটি নিক্ষেপ ঘটনাত সামান্য পৰিমাণে আহত হৈছে বিজেপিৰ প্ৰাৰ্থি। আহত বিজেপি প্ৰাৰ্থিগৰাকীৰ নাম ৰাকেশ শুক্লা। ঘটনাস্থলীত উপস্থিত আৰক্ষী।



  • Nov 17, 2023 12:10 IST

    লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সুমিত্ৰা মহাজনে সাব্যস্ত কৰিলে ভোটাধিকাৰ 




  • Nov 17, 2023 12:00 IST

    ৯ বজাৰ আগত ভোট দিয়া লোকলৈ বিনামূলীয়া পোহা বিতৰণ

    মধ্যপ্ৰদেশৰ ইন্দোৰত এগৰাকী ব্যৱসায়ীয়ে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাধিকাৰ সাব্যস্ত কৰা লোকসকলক বিনামূলীয়াকৈ জনপ্ৰিয় খাদ্য পোহা বিতৰণ কৰিছে। যিসকলে ৯ বজাৰ আগতেই ভোটদান কৰিলে তেওঁলোকে লাভ কৰিছে এই সুবিধা।



  • Nov 17, 2023 11:46 IST

    ১১ বজালৈকে প্ৰায় ২৮ শতাংশ ভোটাধিকাৰ সাব্যস্ত

    দিনৰ ১১ বজালৈকে মধ্যপ্ৰদেশত ২৮.১৮ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনত এই পৰ্যন্ত শ্বাজাপুৰত সৰ্বাধিক ৩৪.৬২ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।



  • Nov 17, 2023 11:29 IST

    কেন্দ্ৰীয়মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই দিলে ভোট

    কেন্দ্ৰীয় মন্ত্ৰী তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন কংগ্ৰেছী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই সাব্যস্ত কৰিলে ভোটাধিকাৰ। তেওঁ গোৱালিয়ৰত ভোটদান কৰিছে।



  • Nov 17, 2023 11:05 IST

    ভোটকেন্দ্ৰত প্ৰৱেশত বাধা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰক!

    প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰই উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। তেওঁক বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা প্ৰদান কৰিছে। কমল নাথৰ পুত্ৰ নকুল নাথে কয়, তেওঁক অকৰ্তৃত্বশীল ভাৱে বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা প্ৰদান কৰিছে।



  • Nov 17, 2023 11:05 IST

    আজি গণতন্ত্ৰৰ বৃহৎ উৎসৱ

    আজি গণতন্ত্ৰৰ বৃহৎ উৎসৱ।গণতন্ত্ৰত মানুহৰ সকলো অধিকাৰ আছে। মই ৰাইজক বাহিৰলৈ আহি বিজেপিৰ বাবে বৃহৎ সংখ্যাত ভোট দিবলৈ অনুৰোধ জনাইছো...।" মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ উমা ভাৰতীয়ে ভোটগ্ৰহণৰ মাজতে কয়ে এইদৰে।



  • Nov 17, 2023 10:25 IST

    কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ




  • Nov 17, 2023 10:24 IST

    বিজেপিৰ প্ৰাৰ্থি তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে সাব্যস্ত কৰিলে ভোটাধিকাৰ




  • Nov 17, 2023 10:20 IST

    নিয়ন্ত্ৰণলৈ আহিল ডিমানি বিধানসভা সমষ্টিৰ হিংসাত্মক পৰিস্থিতি

    ভোটগ্ৰহণৰ মাজতে দুই ফৈদৰ মাজত সংঘটিত হোৱা সংঘাত নিয়ন্ত্ৰণলৈ আহিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক বিজয় সিং ভদুৰিয়াই এই সন্দৰ্ভত কয়, পুৱা খবৰ পাইছিলো দুই ফৈদৰ মাজত সংঘাত হৈছে আৰু শিল দলিওৱাৰ ঘটনা সংঘটিত হৈছে। লগে লগে আৰক্ষী উপস্থিত হৈছিল আৰু দুয়োপক্ষক আঁতৰাই পঠিওৱা হৈছে। এজন ব্যক্তিয়ে মূৰত আঘাত পাইছে। পৰিস্থিতি এতিয়া শান্তিপূৰ্ণ। কেইজনমান গাওঁবাসীয়ে গুলী চালনাৰ অভিযোগ কৰিছিল যদিও তাৰ কোনো প্ৰমাণ লাভ কৰা নাই।



  • Nov 17, 2023 09:59 IST

    ২ ঘণ্টাত ১১.৬৫ শতাংশ ভোটদান

    নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি পুৱা ৯ বজালৈকে মধ্যপ্ৰদেশত মুঠ ভোটৰ ভিতৰত ১১.৬৫ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সকলোকে ওলাই আহি ভোটদান কৰিবলৈ আহ্বান জনাইছে।



  • Nov 17, 2023 09:43 IST

    ভোটগ্ৰহণৰ মাজতে হিংসাত্মক পৰিস্থিতি

    মধ্যপ্ৰদেশৰ ডিমানি বিধানসভা সমষ্টিৰ ১৪৭ আৰু ১৪৮ নং ভোটকেন্দ্ৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা। দুই ফৈদৰ মাজত সংঘটিত হোৱা এই হিংসাত্মক ঘটনাত এটা ফৈদে আনটো ফৈদলৈ শিল দলিওৱা দেখা পোৱা গৈছে। এই ঘটনাত এজন লোক আহত হৈছে। চাওক সেই দৃশ্য।



  • Nov 17, 2023 09:38 IST

    ভোটগ্ৰহণৰ মাজতে মন্দিৰত প্ৰাৰ্থনা শিৱৰাজ সিং চৌহানৰ

    মধ্যপ্ৰদেশৰ ২৩০ খন আসনত চলি আছে ভোটগ্ৰহণ। তাৰ মাজতে দেখা গৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্দিৰত প্ৰাৰ্থনা কৰিছে।



  • Nov 17, 2023 09:28 IST

    শিৱৰাজ  সিং চৌহান, নৰোত্তম মিশ্ৰয়ই সাব্যস্ত কৰিলে ভোটাধিকাৰ

    মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ পত্নীৰ সৈতে বুধনিত ভোটাধিকাৰ সাব্যস্ত কৰিলে। ইফালে ৰাজ্যখনৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰয় ডাতিয়াত ভোটাধিকাৰ সাব্যস্ত কৰিছে।



  • Nov 17, 2023 09:28 IST

    আকৌ এবাৰ দেখা গ'ল শিৱৰাজ সিং চৌহানৰ জনপ্ৰিয়তা




  • Nov 17, 2023 09:28 IST

    প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে সাব্যস্ত কৰিলে ভোটাধিকাৰ

    প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে সাব্যস্ত কৰিলে ভোটাধিকাৰ। তেওঁ ৰাজ্যখনৰ ছিন্দৱাৰাত তেওঁৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ২০১৮ ত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কমল নাথে ২০২০ ত দলীয়া বিসম্বাদৰ বাবে হেৰুৱাইছিল ক্ষমতা। ফলত ৰাজ্যখনত বিজেপিয়ে গঠন কৰিছিল চৰকাৰ।



  • Nov 17, 2023 09:18 IST

    হুইল ছেয়াৰত বহি ভোট দিবলৈ আহিল ভোটাৰ

    ৰাজ্যখনত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোটিং কেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰে শাৰী পতা দেখিবলৈ পোৱা গৈছে। বিশেষভাৱে সক্ষম ব্যক্তিয়েও পুৱা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা দেখা গৈছে।



  • Nov 17, 2023 09:18 IST

    ২৫৩৩ গৰাকীৰ ভাগ্য নিৰ্ণয় কৰিব জনতাই

    ৰাজ্যখনৰ মুঠ ২৩০ টা বিধানসভা সমষ্টিত কংগ্ৰেছ, বিজেপি, বহুজন সমাজবাদী পাৰ্টি, আপ, চি পি এম, চি পি আই এমকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ লগতে আৰু নিৰ্দলীয়ভাৱে মুঠ ২৫৩৩ গৰাকী ব্যক্তিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।



  • Nov 17, 2023 09:18 IST

    পুৱা ৭বজাৰ পৰা আম্ভ ভোটগ্ৰহণ



  • Nov 17, 2023 08:55 IST

    মধ্যপ্ৰদেশৰ ২৩০ খন বিধানসভাৰ আসনত আৰম্ভ হৈছে ভোটগ্ৰহণ।বিয়লি ৫ বজালৈ ইয়াত ভোটগ্ৰহণ অব্যাহত থাকিব। নিৰ্বাচিত কেইটামান ভোট কেন্দ্ৰত অৱশ্যে পুৱা ৮ বজাৰ পৰাহে আৰম্ভ হৈছে ভোটগ্ৰহণ।



মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন