বুদ্ধ পূৰ্ণিমা আৰু বছৰটোৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ কেতিয়া? জানক সৱিশেষ...

সূৰ্যগ্ৰহণৰ পিছত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ বহাগ মাহৰ পূৰ্ণিমা তিথিৰ দিনা হ'ব। বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ ৫ মে'ত হ'ব।

author-image
Asomiya Pratidin
New Update
বুদ্ধ পূৰ্ণিমা আৰু বছৰটোৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ কেতিয়া? জানক সৱিশেষ...

ডিজিটেল ডেস্কঃ সূৰ্যগ্ৰহণৰ পিছত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ বহাগ মাহৰ পূৰ্ণিমা তিথিৰ দিনা হ'ব। বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ ৫ মে'ত হ'ব। বছৰটোৰ এয়া দ্বিতীয়টো গ্ৰহণ। ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত আছিল বছৰটোৰ প্ৰথমটো সূৰ্য গ্ৰহণ। বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ বুদ্ধ পূৰ্ণিমাত হ'ব।

Advertisment

বিজ্ঞানী সকলৰ মতে বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া, আফ্ৰিকা, প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক, এণ্টাৰ্কটিকা আৰু ভাৰত মহাসাগৰৰ বেছিভাগ অংশত দৃশ্যমান হ'ব। ভাৰতত এই চন্দ্ৰ গ্ৰহণ দেখা পোৱাৰ সম্ভাৱণা নাই।

৫ মে' নিশা ৮ বাজি ৪৪ মিনিটৰ পৰা আৰম্ভ হোৱা এই চন্দ্ৰগ্ৰহণ মাজনিশা ১ বাজি ১ মিনিটলৈ চলিব। গ্ৰহণৰ মূল সময় হ'ব ১০ বাজি ৫২ মিনিট।

যেতিয়া পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে, তেতিয়া এই তিনিওটা কিছু সময়ৰ বাবে সৰল ৰেখাত আহে। এই পৰিঘটনাটোক চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। যেতিয়া পৃথিৱীৰ ছাঁ পোনপটীয়াকৈ চন্দ্ৰত নপৰে, ইয়াক পেনুম্ব্ৰাল চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়।

Also Read: বৰ্বৰ ! ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি শৌচালায়ৰ গাতত পুতি থোৱাৰ অভিযোগ...

lunar eclipse