Advertisment

বৰ্বৰ ! ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি শৌচালায়ৰ গাতত পুতি থোৱাৰ অভিযোগ...

পুনৰ সভ্য সমাজক লজ্জিত কৰাৰ ঘটনা সংঘটিত হৈছে এইখন অসমতে। এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰে পাষাণে

author-image
Asomiya Pratidin
New Update
বৰ্বৰ ! ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি শৌচালায়ৰ গাতত পুতি থোৱাৰ অভিযোগ...

ডিজিটেল ডেস্কঃ পুনৰ সভ্য সমাজক লজ্জিত কৰাৰ ঘটনা সংঘটিত হৈছে এইখন অসমতে। এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰে পাষাণে।এইবাৰ ঘটনাৰ স্থান মাৰ্ঘেৰিটাৰ চেগুণবাৰীৰ।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি ১ মে'ৰ নিশা কিশোৰী গৰাকী মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল। কিন্তু কিশোৰী গৰাকীৰ টোপনি ধৰাত আত্মীয় বুলি ভৱা আনন তাঁতীৰ ঘৰতে কিশোৰী গৰাকীক থৈ গৈছিল মাতৃয়ে।

তাৰ পাছতেই পুৱাৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল কিশোৰী গৰাকী। কিশোৰী গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীক জনাইছিল পৰিয়ালৰ লোকে। আৰক্ষীৰ অভিযানৰ পাছতেই বুধবাৰে নিশা আনন তাঁতীৰ ঘৰৰ ওচৰত থকা এটা হোষ্টেলৰ শৌচালয়ৰ গাতৰ পৰা উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহ।

অভিযোগ অনুসৰি আনন তাঁতীয়ে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্য়া কৰিছে। ঘটনাৰ পাছৰ পৰাই পলাতক আছে আনন তাঁতী। অভিযুক্ত আনন তাঁতী দুই সন্তানৰ পিতৃ। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। নিশাই ন্যায় বিচাৰি একাংশ হাহাকাৰ লগাই আনন তাঁতীৰ ঘৰ ভাঙি পেলায়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদুপৰি অঞ্চলটোত এতিয়াও এক চেপা উত্তেজনাই বিৰাজ কৰিছে।

Also Read: এইবাৰ কাছৰ বাবে চৰ্চা লাভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ...

Assam police crime