কিশোৰীক ধৰ্ষণ, হাতুৰীৰে কোবাই হত্যা আৰু পাছত শ্বাহিদে কৰিলে নৃশংস কাণ্ড...

কিশোৰীক ধৰ্ষণ, হাতুৰীৰে কোবাই হত্যা আৰু পাছত শ্বাহিদে কৰিলে নৃশংসকাণ্ড

author-image
Asomiya Pratidin
New Update
দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ

ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ ইন্দিৰা নগৰত সংঘটিত হোৱা এক হত্যাকাণ্ডই জোকাৰি গৈছে দেশবাসীক। এজন যুৱকে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হাতুৰিৰে কোবাই হত্যা কৰে । আৰক্ষীৰ মতে বৃহস্পতিবাৰে দুপৰীয়া ১:০০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল অভিযুক্তই ।

Advertisment

ঘৰত সোমাইয়েই অকলসৰে থকা কিশোৰীগৰাকীক প্ৰথমে যৌন নিৰ্যাতন কৰে যুৱকে। কেৱল ইমানতেই ক্ষান্ত নাথাকি হাতুৰীৰে কোবাই কোবাই হত্যা কৰে কিশোৰীগৰাকীক।তাৰ পাছত কিশোৰীৰ মৃতদেহটো কোঠাৰ ভিতৰত ওলোমাই থৈ পলায়ন কৰে অভিযুক্তই।

অভিযুক্তগৰাকীৰ নাম শ্বাহিদ বুলি জানিব পৰা গৈছে । শ্বাহিদে কিয় এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । উল্লেখ্য যে হত্যাৰ সময়ত কিশোৰীগৰাকী ঘৰত অকলে আছিল । তেওঁৰ পিতৃ-মাতৃ দোকানলৈ গৈছিল । যেতিয়া দুপৰীয়া সময়ত মাতৃয়ে দোকানৰ পৰা ঘূৰি আহিছিল তেতিয়া ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰিছিল।

মাতৃ ঘৰলৈ অহাৰ সময়ত ঘৰৰ বাৰাণ্ডাত শ্বাহিদক দেখি ধৰিবলৈ চেষ্টা কৰিছিল যদিও পলায়ন কৰিছিল শ্বাহিদে।কিশেৰীগৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । প্ৰাৰ্থমিক তদন্তত মূৰত আঘাত পোৱাৰ ফলতেই কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । বৰ্তমানেও অভিযুক্তগৰাকীক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হোৱা নাই লক্ষ্নৌ আৰক্ষী ।

Also Read: লিডুৰ অবৈধ কয়লাখনিত পুনৰ অঘটন; প্ৰাণ হেৰুৱালে দুই অসমীয়া যুৱকে...

rape murder