লিডুৰ অবৈধ কয়লাখনিত পুনৰ অঘটন; প্ৰাণ হেৰুৱালে দুই অসমীয়া যুৱকে...

কয়লাৰাণী নামেৰে জনাজাত মাৰ্ঘেৰিটাৰ লিডুৰ পাহাৰ বৰ্তমান যেন মৃত্যু উপত্যকা পৰিণত হৈছে

author-image
Asomiya Pratidin
New Update
লিডুৰ অবৈধ কয়লাখনিত পুনৰ অঘটন; প্ৰাণ হেৰুৱালে দুই অসমীয়া যুৱকে...

ডিজিটেল ডেস্ক : কয়লাৰাণী নামেৰে জনাজাত মাৰ্ঘেৰিটাৰ লিডুৰ পাহাৰ বৰ্তমান যেন মৃত্যু উপত্যকা পৰিণত হৈছে। কিয়নো লিডুৰ এই অবৈধ কয়লাৰ ক’লা সাম্ৰাজ্যত কয়লা খনন কৰোতে অসংখ্য শ্ৰমিকে অকাল মৃত্যুক সাৱটি লোৱাৰ খবৰ প্ৰায়েই পোহৰলৈ আহে। এইবাৰো অনুৰূপ ঘটনা সংঘটিতত হৈছে লিডুৰ অবৈধ কয়লাখনিত। উক্ত কয়লাখনিত পুনৰ মৃত্যুক আকোঁৱালি ল'লে দুজন অসমীয়া যুৱকে। ঘটনা বুধবাৰৰ।

Advertisment

ঘটনা অনুসৰি লিডু আৰক্ষী চকীৰ অন্তৰ্গত মুলুং পাহাৰত সংঘটিত হয় এই ঘটনা। নিশা লিডুৰ মুলুং পাহাৰত অবৈধ ভাবে কয়লা খনন কৰাৰ সময়ত ৰেট হোল মাইনিংত দু-জন শ্ৰমিকে মৃত্যুক আকোঁৱালি লয়। তাৰে এজন বৰ্তমান পৰ্যন্তও অচিনাক্ত অৱস্থাত। আৰু আনজন হ'ল লিডুৰ ইটাখোলা অঞ্চলৰ নিবাসী ৰূপেশ্বৰ ফুকনৰ পুত্ৰ নয়ন ফুকন।

পিতৃ-মাতৃয়ে জানিব দিয়া মতে, কয়লা মাফিয়া ক্ষীতিষ দেবনাথৰ অবৈধ কয়লা খনন কৰিবলৈ গৈ নয়নে মৃত্যুক সাৱতি লয়। উল্লেখ্য যে, পূৰ্বেও কয়লা মাফিয়া ক্ষীতিষ দেবনাথে শিশু শ্ৰমিককে ধৰি বহু জনক অবৈধ কয়লা কামত নিযুক্ত কৰাৰ অভিযোগ আছে। তদুপৰি

কয়লা মাফিয়া ক্ষীতিষ দেবনাথে টকাৰ প্ৰলোভনেৰে এনেধৰণৰ বহু ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগো উত্থাপন হৈছে।

Also Read: নগাঁৱত কম্বাইন হাৰ্ভেষ্টাৰৰ জড়িয়তে বৰো ধানৰ শস্য চপোৱা অনুষ্ঠান...

GOVT OF ASSAM Assam police