কৃত্ৰিম বানৰ কবলত লক্ষ্ণৌ...

কৃত্ৰিম বানৰ কবলত লক্ষ্ণৌ...

ডিজিটেল ডেস্কঃ কৃত্ৰিম বানৰ কবলত পৰিছে উত্তৰ প্ৰদেশৰ প্ৰধান চহৰ লক্ষ্ণৌ। শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ প্ৰায় প্ৰতিটো বাট-পথ এতিয়া ডুব গৈছে পানীৰ তলত। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ দিনটোত চহৰখনৰ প্ৰতিখন বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিবলগীয়া হয় প্ৰশাসনে।

উল্লেখ্য যে, প্ৰলয়কাৰী বান চহৰখনৰ বহু লোকৰ ঘৰত প্ৰৱেশ কৰাত এতিয়া গৃহহীন হৈ পৰিছে লোকসকল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে বানাক্ৰান্তৰ সহায়ৰ বাবে শিবিৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যেই নিৰ্দেশ দিছে চহৰখনৰ প্ৰশাসনক। তদুপৰি তেওঁ চহৰখনৰ নৈ-উপনৈৰ পানী বিপদসীমাৰ কিমান ওপৰলৈ বৈছে তাৰো তথ্য সময়ে সময়ে প্ৰকাশ কৰি ৰাইজক সজাগতা কৰিবলৈ নিৰ্দেশ দিছে।

আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত তহৰখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকসকলৰ খেতিৰ ওপৰতো প্ৰভাৱ পৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দাঁতিকাষৰীয়া অঞ্চলৰ অধিকাংশ কৃষিভূমি এতিয়া পানীৰ তলত। ইপিনে লক্ষ্ণৌৰ বতৰ বিজ্ঞান বিভাগে পুনৰ বৰষুণৰ দিয়াৰ সম্ভাৱণা ব্যক্ত কৰি চহৰবাসীক ঘৰতেই থাকিবলৈ আহ্বান জনাইছে।

কৃত্ৰিম বানৰ কবলত লক্ষ্ণৌ...
পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in