পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ডিজিটেল সংবাদ, বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী অঞ্চলৰ এক অন্যতম আৰ্থ-সামজিক অনুষ্ঠান পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা দেওবাৰে বৰক্ষেত্ৰীৰ চৰাঞ্চলত সম্পন্ন হৈ যায় ৷ ৫৭নং দৌলাশাল-লাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত কলতলি চৰত থকা কলতলি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সমবায় সমিতিৰ সভাপতি কামেজ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় বাৰ্ষিক সাধাৰণ সভাখন৷

বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় লিমিটেডৰ সচিব চহিদ আলী আহমেদে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত নলবাৰী জিলাৰ সমবায় বিভাগৰ সহকাৰী পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া ফাইজুৰ ৰহমান চৌধুৰী আৰু হবিবৰ ৰহমানে পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত আদৰ্শ বহুমুখী সমবায় লিমিটেডৰ কাম-কাজক ভূয়সী প্ৰশংসা কৰে ৷ বাৰ্ষিক সাধাৰণ সভাখনত সমবায় সমিতিখনৰ অধীনস্ত বিভিন্ন গাঁৱৰ পাঁচ শতাধিক অংশীদাৰে উপস্থিত থাকি বিগত বৰ্ষৰ হিচাপ-নিকাচ আৰু সমবায়ৰ অনাগত দিনৰ পৰিকল্পনা সমূহৰ বিষয়ে জানিব পাৰে৷

আদৰ্শ বহুমুখী সমবায় লিমিটেডৰ সচিব চহিদ আলী আহমেদে সম্পাদকীয় প্ৰতিবেদ পাঠ কৰাৰ উপৰি ২০২৩-২৪ বৰ্ষৰ সাম্ভাৱ্য বাজেট সম্পৰ্কত মতামত দাঙি ধৰে ৷ সাধাৰণ সভাত বৃহত্বৰ অঞ্চলটোৰ কৃষক ৰাইজক উপকৃত কৰাৰ অৰ্থে অনাগত দিনত সমবায় সমিতি লিমিটেডৰ কাৰ্যালয় চৌহদত এটি সৰিয়হ তেলৰ উদ্যোগ স্থাপন কৰি অঞ্চলটোৰ গ্ৰাহক সকলৰ বাবে ৰেহাই মূল্যত মিঠাতেল যোগান ধৰাৰ পৰিকল্পনা প্ৰস্তুত কৰি সভাত প্ৰস্তাৱ গ্ৰহণ কৰে৷

সাধাৰণ সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সমবায় সমিতিৰ কাম-কাজ সমূহক প্ৰশংসা কৰি সমবায়ৰ অনাগত দিনৰ পৰিকল্পনা মহৎ বুলি মন্তব্য কৰে পশ্চিম বৰক্ষেত্ৰী অঞ্চলৰ চিন্তাশীল ব্যক্তি কল্প তালুকাদৰে ৷ কিয়নো সমবায় সমিতিৰ কাৰ্যালয় চৌহদত স্থাপন কৰিবলগীয়া সৰিয়হ উদ্যোগটিৰ জড়িয়তে অঞ্চলটোৰ কেইবাজনো নিবনুৱা যুৱকে কৰ্মসংস্থাপন লাভ কৰিব ৷

সাধাৰণ সভাত পশ্চিম বৰক্ষেত্ৰী অঞ্চলৰ সমাজকৰ্মী আনোৱাৰ হুছেইন, আইনুল হক, আব্দুৰ ৰহিমে আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ সাধাৰণ সভাত আনোৱাৰ হুছেইন আৰু মেছৰ আলীক সমবায়ৰ আগন্তক দিনৰ হিচাপ পৰীক্ষক হিচাপে নিযুক্তি দিয়ে ৷

সভাত পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতি লিমিটেডৰ সঞ্চালক মণ্ডলীৰ কেওজন সঞ্চালক উপস্থিত থকাৰ উপৰিও সমবায় সমিতিৰ অধীনস্ত সূলভ মূল্যৰ এজেন্ট সকল উপস্থিত থাকে । সভাখনত সমবায় সমিতিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ অৰ্ধশতাধিক জ্যেষ্ঠ অংশীদাৰক ফুলাম গামোচাৰে বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ৷

পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
চিলাপথাৰত ৭ কেজি নিষিদ্ধ গাঞ্জা জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in